অসম

assam

By

Published : Apr 13, 2021, 1:56 PM IST

ETV Bharat / international

ৰমজান উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ' বিদেনৰ

পবিত্ৰ ৰমজান উপলক্ষে সমগ্ৰ বিশ্বৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিদেনে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এইবাৰ হোৱাইট হাউচত ভাৰ্চুৱেল মাধ্যমেৰে ৰমজান উদযাপন কৰা হ'ব । লগতে তেওঁ অহা বছৰ পৰম্পৰাগত ভাৱে হোৱাইট হাউচত ঈদ উদযাপন কৰিবলৈ অপেক্ষা কৰি আছে বুলিও মন্তব্য কৰে ।

ৰমজান উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ' বিদেনৰ
ৰমজান উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ' বিদেনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ৰমজানৰ শুভকামনা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতি জ' বিদেনে । লগতে বৈচিত্ৰ্যপূৰ্ণ আমেৰিকা গঢ়ি তোলাত আগবঢ়োৱা অৱদানৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক প্ৰশংসা কৰে । তেওঁ কয় যে, পবিত্ৰ ৰমজান মাহত, মুছলমান লোকসকলে উপবাসে থাকে, দান-বৰঙণি আগবঢ়ায়, নামাজ আৰু কোৰাণ পঢ়ে । তেওঁলোকে প্ৰতিদিনে সূৰ্যোদয়ৰ পৰা আৰম্ভ কৰি সূৰ্যাস্তলৈকে ব্ৰত পালন কৰে ।

জ' বিদেন আৰু প্ৰথম মহিলা জিল বিদেনে সোমবাৰে কয় যে, মহামাৰীৰ বাবে পূৰ্বৰ দৰে এইবাৰ ঈদ উদযাপন কৰিব নোৱাৰিব । লগতে বন্ধু আৰু প্ৰিয়জনো একত্ৰিত হ'ব নোৱাৰিব । তথাপিও, মুছলমান সম্প্ৰদায়ৰ লোকসকলে নতুন আশাৰে ৰমজান মাহৰ পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস কৰিছে বুলিও তেওঁলোকে মন্তব্য কৰে । লগতে দুয়োগৰাকীয়ে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সু-স্বাস্থ্য কামনা কৰে আৰু শান্তি-সম্প্ৰীতি অক্ষুণ্ণ থকাতো কামনা কৰে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, মুছলমান লোকসকলে ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দেশখনে কৰা চেষ্টাৰ প্ৰতি সহযোগিতা আগবঢ়াইছে, প্ৰতিষেধক প্ৰস্তুতত অগ্ৰণী ভূমিকা পালন কৰিছে আৰু ফ্ৰণ্টলাইন স্বাস্থ্য সেৱা কৰ্মী হিচাপে সেৱা আগবঢ়াইছে । তেওঁলোকে উদ্যোগী আৰু ব্যৱসায়িক মালিক হিচাপে চাকৰি সৃষ্টি কৰি আছে ।

লগতে আমেৰিকাৰ বিদ্যালয়তো বহু সংখ্যালঘু সম্প্ৰদায়ৰ লোকে শিক্ষকতা কৰিছে, সমগ্ৰ দেশতে সমৰ্পিত অসামৰিক সেৱাৰ কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াইছে আৰু জাতিগত সমতা আৰু সামাজিক ন্যায়ৰ বাবে চলা সংগ্ৰামত এক অগ্ৰণী ভূমিকা পালন কৰিছে বুলিও তেওঁ মন্তব্য কৰে । আনহাতে, মুছলমান আমেৰিকানসকলক উৎপীড়ন, গোড়ামি আৰু অপৰাধ জনিত ঘটনাৰ বাবে দায়ী কৰি কৰা হৈছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে আৰু সেইবোৰ গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে ।

আমেৰিকাত কোনেও নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰাৰ ভয়ত জীয়াই থাকিব নালাগে আৰু প্ৰশাসনে সকলো লোকৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে । আগন্তুক দিনবোৰৰ আনন্দৰে ভৰি পৰিব বুলি আশাবাদী ৰাষ্ট্ৰপতিগৰাকী । তেওঁ কয় যে, পবিত্ৰ কোৰাণে আমাক সোঁৱৰাই দিছে যে, ঈশ্বৰ হৈছে স্বৰ্গ আৰু পৃথিৱীৰ পোহৰ, যি আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায় ।

লগতে পঢ়ক:অষ্ট্ৰেলিয়াত ঘূৰ্ণিৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details