অসম

assam

By

Published : Mar 27, 2020, 9:42 AM IST

ETV Bharat / international

কৰ’ণাত আক্ৰান্তৰ সংখ্যাত চীনক চেৰ পেলালে আমেৰিকাই, আক্ৰান্তৰ সংখ্যা 82,000 লৈ বৃদ্ধি

কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত তৃতীয় স্থানত থকা আমেৰিকাই যোৱা 24 ঘণ্টাত সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানত উপনীত হয় ৷ শেহতীয়াভাৱে চীন আৰু ইটালীক অতিক্ৰম কৰি মুঠ 85,594 জন লোকৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে আমেৰিকাত ৷

US overtakes China with over 82,000 coronavirus cases
কৰ’ণাত আক্ৰান্তৰ সংখ্যাত চীনক চেৰ পেলালে আমেৰিকাই,আক্ৰান্তৰ সংখ্যা 82,000 লৈ বৃদ্ধি

ইন্টাৰনেশ্বনেল ডেক্স,27 মাৰ্চঃ বিশ্বৰ সৰ্বত্ৰে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে মাৰাত্মক কৰ‘ণা ভাইৰাছে৷ বৰ্তমান সময়লৈকে বিশ্বৰ প্ৰায় দুশখন দেশত বিয়পি পৰিছে এই ভাইৰাছ৷ চীনৰ পৰা আৰম্ভ হোৱা এই ভাইৰাছে প্ৰথমাৱস্থাত যদিও চীন দেশত সৰ্বাধিক হাৰত সংক্ৰমিত হোৱাৰ লগতে দ্ৰুত গতিত প্ৰাণ লৈছিল তিনি হাজাৰতকৈও অধিক লোকৰ ৷

কিন্তু ক্ৰমান্বয়ে চীনে এই ভাইৰাছৰ সংক্ৰমণৰ গতি ৰোধ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পৰৱৰ্তী সময়ত এই ভাইৰাছে ইটালী আৰু আমেৰিকাত ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ ক্ৰমাৎ এই ভাইৰাছৰ ফলত হোৱা মৃত্যুৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰে ইটালীয়ে ৷

আনহাতে, কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত তৃতীয় স্থানত থকা আমেৰিকাই যোৱা 24 ঘণ্টাত সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানত উপনীত হয় ৷ শেহতীয়াভাৱে চীন আৰু ইটালীক অতিক্ৰম কৰি মুঠ 85,594 জন লোকৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে আমেৰিকাত ৷

ইয়াৰ উপৰিও আমেৰিকাত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 1300 জনলৈ বৃদ্ধি ৷ জন হপকিনচ বিশ্ববিদ্যালয়ৰ প্ৰকৃত-সময় ট্ৰেকাৰৰ ফালৰ পৰা বৃহস্পতিবাৰে এই কথা সদৰি কৰা হয় ৷

তদুপৰি মন কৰিবলগীয়া কথা এই যে, কৰ‘ণা ভাইৰাছত আক্ৰান্ত দেশসমূহৰ ভিতৰত আমেৰিকাই সৰ্বাধিক হাৰত কৰ‘ণাত আক্ৰান্তৰ সন্দেহ কৰা মানুহৰ শৰীৰত পৰীক্ষা কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় স্ংবাদমাধ্যমৰ পৰা পোৱা খৱৰ অনুসৰি আমেৰিকাৰ প্ৰায় 160 মিলিয়ন লোকক নিজৰ নিজৰ ঘৰত সোমাই থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

লগতে পঢ়ক-কৰ’না ভাইৰাছঃ ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰদূতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details