অসম

assam

ETV Bharat / international

তেহৰানত দুৰ্ঘটনাগ্ৰস্ত ইউক্ৰেইনৰ যাত্ৰীবাহী বিমানঃ নিহত 180 গৰাকী

Ukrainian flight crash at Tehran
তেহৰাণত দুৰ্ঘটনাগ্ৰস্ত ইউক্ৰেইনৰ যাত্ৰীবাহী বিমান

By

Published : Jan 8, 2020, 10:21 AM IST

Updated : Jan 8, 2020, 1:32 PM IST

10:09 January 08

তেহৰানত দুৰ্ঘটনাগ্ৰস্ত ইউক্ৰেইনৰ যাত্ৰীবাহী বিমান

তেহৰাণত দুৰ্ঘটনাগ্ৰস্ত ইউক্ৰেইনৰ যাত্ৰীবাহী বিমান

ইন্টাৰনেশ্যনেল ডেক্স, 8 জানুৱাৰীঃ তেহৰানত এখন বিমানবন্দৰৰ কাষত দুৰ্ঘটনাগ্ৰস্ত ইউক্ৰেইনৰ এখন যাত্ৰীবাহী বিমান ৷ দুৰ্ঘটনাগ্ৰস্ত বিমানখনে কঢ়িয়াই লৈ গৈছিল 180 গৰাকী যাত্ৰীৰ লগতে বিমান কৰ্মচাৰী ৷ দুৰ্ঘটনাটোত নিহত পাইলটসহ আটাইকেইজন যাত্ৰী আৰু বিমান কৰ্মচাৰী ৷ ইমাম খোমেইনী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা অবতৰণ কৰিছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখনে ৷ যান্ত্ৰিক বিজুতিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷ তেহৰানৰ দক্ষিণ-পশ্চিম এলেকাত সংঘটিত দুৰ্ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে তদন্তকাৰী দল ৷ 

উল্লেখ্য যে, ইৰাণে জেনেৰেল কাছেম সুলেইমানীৰ হত্যাৰ প্ৰতিশোধৰূপে ইৰাকৰ মাৰ্কিন সামৰিক ঘাটিত ইৰাণে আক্ৰমণ চলাইছিল ৷ সেয়েহে ইয়াৰ কিছুসময় পাছতেই সংঘটিত হোৱা এই বিমান দুৰ্ঘটনাই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো প্ৰভাৱ পেলোৱাৰ শংকা আছে ৷

লগতে পঢ়ক-ভাৰতীয় লোকক সামৰিকভাৱে ইৰাক ভ্ৰমণ বাতিল কৰাৰ নিৰ্দেশ

Last Updated : Jan 8, 2020, 1:32 PM IST

ABOUT THE AUTHOR

...view details