নেচনেল ডেস্ক, 8 জানুৱাৰী:আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছক অতিক্ৰম কৰি টেছলা আৰু স্পেচ এক্সৰ চি ই অ' এলন মাস্কে বিশ্বৰ আটাইটকৈ ধনী মানুহৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে ৷ ব্লুমবাৰ্গ বিলিয়নেৰি ইনদেক্সৰ বিশ্বৰ 500 গৰাকী ধনী ব্যক্তিৰ তালিকাত এটা সময়ত দুৰ্বল ফলাফলৰ বাবে টেছলাক বিক্ৰী কৰিবলৈ সিদ্ধান্ত লোৱা এলন মাস্ক বিশ্বৰ আটাইটকৈ ধনী মানুহ হিছাপে বিবেচিত হৈছে ৷
বৃহস্পতিবাৰে টেছলাৰ শ্বেয়াৰ মূল্যত 4.8 শতাংশ ৰেলীয়ে মাস্কক বেজছক অতিক্ৰম কৰাত সহায় কৰে ৷ 2017 চনৰ অক্টোবৰৰ পৰা শীৰ্ষত থকা বেজছতকৈ 1.5 বিলিয়ন বেছি অৰ্থাৎ মুঠ 188.5 বিলিয়ন মাৰ্কিন ডলাৰৰ সৈতে মাস্কে বেজছক অতিক্ৰম কৰে ৷ চলিত বৰ্ষটোতে মাস্কৰ মুঠ সম্পত্তি 150 বিলিয়ন ডলাৰতকৈ বেছি বৃদ্ধি পাইছে ৷ ব্লুমবাৰ্গ বিলিয়নেৰি ইনদেক্সৰ মতে বিগত বৰ্ষত বিশ্বৰ মুঠ 500 গৰাকী ধনী ব্যক্তিৰ মুঠ সম্পত্তি আছিল 1.8 ট্ৰিলিয়ন ৷