ইন্টাৰনেশ্যনেল ডেস্ক, 9 মে' : উত্তৰ কোৰিয়াৰ নেতা কিম জং ওনে শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ এক পত্ৰ প্ৰেৰণ কৰে ৷ এক নিউজ এজেন্সীয়ে প্ৰদান কৰা তথ্য অনুসৰি, দ্বিতীয় বিশ্ব যুদ্ধৰ 75 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে এই পত্ৰ প্ৰেৰণ কৰে কিম জঙে ৷
কিমে আশা কৰে যে, দুই দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক খৰতকীয়াকৈ বৃদ্ধি পাব আৰু কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধত ৰাছিয়া জয়ী হ'বলৈ সক্ষম হ'ব ৷