অসম

assam

ETV Bharat / international

COVID-19ত আক্ৰান্ত নিউইয়ৰ্কৰ ৪টা বাঘ আৰু ৩ টা আফ্ৰিকাৰ সিংহ

নিউইয়ৰ্কৰ ব্ৰনস্ক চিৰিখানাৰ চাৰিটাকৈ বাঘ আৰু তিনিটা সিংহ আক্ৰান্ত COVID-19ত । বিগত সপ্তাহত চিৰিয়াখানা খনৰ এটা ৪ বছৰীয়া বাঘিনীৰ দেহত COVID-19 অৱস্থিতি লাভ কৰাৰ পাচতে পৰীক্ষা কৰা হৈছিল বাঘ আৰু সিংহ কেইটাক ।

COVID-19
COVID-19 ত আক্ৰান্ত নিউইয়ৰ্কৰ ৪ টা বাঘ আৰু ৩ টা আফ্ৰিকাৰ সিংহ

By

Published : Apr 23, 2020, 5:53 PM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ নিউইয়ৰ্কৰ ব্ৰনস্ক চিৰিখানত জন্তুৰ দেহত COVID-19ৰ অৱস্থিতি লাভ কৰাৰ পাচত চিৰিয়াখানাখনত থকা চাৰিটাকৈ বাঘ আৰু তিনিটা সিংহ COVID-19 ত আক্ৰান্ত ।

নিউইয়ৰ্ক চিৰিয়াখানাৰ পৰিচালক তথা বন্য়প্ৰাণী সংৰক্ষণ সমিতিয়ে জনোৱা অনুসৰি,বিগত ৫ এপ্ৰিলত চিৰিয়াখানাখনৰ এটা বাঘিনীৰ দেহত পোন প্ৰথমবাৰৰ বাবে জন্তুৰ দেহত মহামাৰী COVID-19ৰ অৱস্থিতি লাভ কৰা হৈছিল । তাৰ পাচতে বাঘিনী গৰাকীৰ সংস্পৰ্শলৈ অহা জন্তু কেইটাক ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

COVID-19 ত আক্ৰান্ত নিউইয়ৰ্কৰ ৪ টা বাঘ আৰু ৩ টা আফ্ৰিকাৰ সিংহ

নাদিয়া নামৰ ৪ বছৰীয়া বাঘিনীজনীৰ গাত প্ৰথমে চৰ্দি,কাহ আৰু জ্বৰৰ লক্ষণ দেখা দিয়ে। আৰু তাৰ কেইদিনমান পাচত চিৰিয়াখানাখনত থকা আন বাঘ আৰু আফ্ৰিকাৰ পৰা অনা তিনিটা সিংহৰ দেহতো একেই লক্ষণ দেখা দিয়াত COVID-19ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰু পৰীক্ষাৰ অন্ততে জন্তু কেইটা COVID-19ত আক্ৰান্ত বুলি ধৰা পৰে ।

লগতে চাওকঃ NIA আদালতৰ চৌহদৰ পৰা চৰকাৰলৈ বিশেষ দাবী অখিল গগৈৰ

ABOUT THE AUTHOR

...view details