অসম

assam

Ajaz Khan Bail : জামিন লাভ কৰিলে বিগ বছ খ্যাতি এজাজ খানে, ২ বছৰ ধৰি কাৰাবন্দী হৈ আছিল এজাজ

২০২১ চনৰ মাৰ্চ মাহৰ পৰা ড্ৰাগছ গোচৰত কাৰাদণ্ড ভুগি থকা এজাজ খানে অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে। ইয়াৰ পিচতে অভিনেতাজনৰ পৰিয়ালত বিৰাজ কৰিছে সুখৰ পৰিৱেশ (Ajaz Khan in drugs case) ।

By

Published : May 19, 2023, 3:58 PM IST

Published : May 19, 2023, 3:58 PM IST

Ajaz Khan gets bail in drugs case, will be released from Arthur jail 19 may 2023 after two years
উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে এজাজ খানে

চিটাৰা ডেস্ক, 19 মে’: দুবছৰ ধৰি ড্ৰাগছৰ গোচৰত কাৰাদণ্ড ভুগি থকা এজাজ খানক অৱশেষত উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে । ২০২১ চনত ড্ৰাগছৰ গোচৰত মুম্বাই বিমানবন্দৰত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে আটক কৰিছিল এজাজক । ২০২১ চনৰ মাৰ্চ মাহত এন চি বিয়ে আলপ্ৰাজোলাম নামৰ ঔষধৰ ৩১ টা টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক । যাৰ মুঠ ওজন ৪.৫ গ্ৰাম বুলি কোৱা হৈছিল । ইয়াৰ পিচত অভিনেতাজনক মুম্বাইৰ আৰ্থাৰ ৰোড জেললৈ প্ৰেৰণ কৰা হৈছিল । দুবছৰ কাৰাগাৰত কটোৱাৰ পিচত উচ্চতম ন্যায়ালয়ে তেওঁক জামিনত মুকলি কৰি দিছে (Ajaz Khan gets bail in drugs case)।

এজাজ খানৰ পৰিয়ালে বিগত ২ বছৰ ধৰি আদালতত অভিনেতাজনৰ মুক্তিৰ বাবে যুঁজি আছিল । ২০২২ চনত বম্বে উচ্চ ন্যায়ালয়ে এজাজক জামিন দিবলৈ অস্বীকাৰ কৰিছিল । জামিন আবেদন নাকচ কৰাৰ সময়ত আদালতে কৈছিল, ‘প্ৰাইমা ফেচিয়ে এই অপৰাধত এজাজ খান জড়িত হোৱাৰ প্ৰত্যক্ষ ইংগিত পোৱা গৈছে । লগতে দেখা গৈছে যে এজাজ খানে ধনৰ লেনদেনো কৰিছিল, যাৰ জৰিয়তে অবৈধ সৰবৰাহ আৰু ড্ৰাগছ ক্ৰয় কৰা হৈছিল (Ajaz Khan in drugs case) ।

১৯ মে’ত অৰ্থাৎ শুকুৰবাৰে জামিনত কাৰাগাৰৰ পৰা মুকলি হ’বলৈ গৈ আছে এজাজ । সন্ধিয়া ৬.৪০ বজাত আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা মুক্তি পাব এজাজে । ইফালে এজাজৰ জামিনত সুখী পৰিয়ালবৰ্গ (Ajaz Khan Arthur jail)।

উল্লেখ্য যে, এজাজক ড্ৰাগছ সৰবৰাহকাৰী ফাৰুক বাটাটা আৰু তেওঁৰ পুত্ৰ শাদাব বাটাটাৰ সৈতে জড়িত থকাৰ অভিযোগত এনচিবিয়ে জিম্মাত লৈছিল (Ajaz Khan bail) । অভিযোগ আছিল যে এজাজে নিজেই শাদাব বাটাটাৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল আৰু লগতে সেৱনো কৰিছিল । ইয়াৰ উপৰিও অভিনেতাজনৰ ওপৰত ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগো উত্থাপন হৈছিল ।

মন কৰিবলগীয়া যে ‘দিয়া অউৰ বাতি হম’, ‘মিট্টি কি বান্নো’, ‘কৰম’ আপনাকে ধৰি কেইবাটাও টেলিভিছন শ্ব’ত অভিনয় কৰিছিল এজাজে ৷ ইয়াৰ উপৰিও ‘খাট্ৰ কে খিলাড়ি’ আৰু ‘বিগ বছ’ৰ দৰে ৰিয়েলিটি শ্ব’তো অংশগ্ৰহণ কৰিছিল অভিনেতাজনে (Bigg boss 7 Ajaz Khan) ৷

লগতে পঢ়ক:Salman Khan Injured: ‘টাইগাৰ ৩’ৰ চেটত আহত ছলমান খান, ফটোখন শ্বেয়াৰ কৰি লিখিলে- ‘টাইগাৰ জখমি হে’

ABOUT THE AUTHOR

...view details