চিটাৰা ডেস্ক, ৩ আগষ্ট: বক্স অফিচত ব্লকৱাষ্টাৰ ৰূপে পৰিগণিত হ’ল ছানী দেওলৰ অভিনীত ছবি ‘গদৰ ২’ ৷ বক্স অফিচত প্ৰতিদিনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছবিখনে । এই ব্লকবাষ্টাৰ ছবিখনে এতিয়ালৈকে প্ৰায় ৫০০ কোটি টকাৰ এক বৃহৎ ব্যৱসায় কৰিছে । অনুৰাগীৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে ছবিখনৰ প্ৰশংসা কৰিছে । আনহাতে, শনিবাৰে নিশা মুম্বাইত ছবিখনৰ সফলতাত এখনি পাৰ্টিৰ আয়োজন কৰা হয়, য’ত ছবিখনৰ সমগ্ৰ দলটোৰ লগতে বলীউডৰ বহু ডাঙৰ ডাঙৰ তাৰকা উপস্থিত থাকে ।
এই পাৰ্টিৰ বহু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে । এইসমূহ ভিডিঅ’ৰ মাজতে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ানক একেলগে দেখা পোৱা গৈছে । ভিডিঅ’টোত দেখা গৈছে যে পাৰ্টিৰ পৰা বিদায় লোৱাৰ সময়ত ছাৰা আৰু কাৰ্তিকে ইগৰাকীয়ে সিগৰাকীক সাৱটি ধৰিছে । অৱশ্যে সেই সময়চোৱাত কাৰ্তিকৰ সৈতে সেই স্থানত উপস্থিত আছিল কৃতি সেনন । ছাৰাই প্ৰথমে কৃতিক সাৱটি ধৰি বিদায় লয় । তাৰ পিচত কাৰ্তিকক সাৱটি ধৰে ছাৰাই ৷