চিটাৰা ডেস্ক, ১১ জানুৱাৰী: শ্বাহৰুখ খানৰ বাবে ২০২৩ বৰ্ষটো আছিল অতি বিশেষ ৷ ‘পাঠান’ আৰু ‘জৱান’ৰ সৈতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল কিং খানে ৷ এই দুখন ছবিৰ জৰিয়তে বক্স অফিচৰ কিং ৰূপে পৰিগণিত হৈছিল শ্বাহৰুখ ৷ অৱশ্যে বছৰটোৰ শেষতো মুক্তি পাইছিল কিং খান বছৰটোৰ তৃতীয়খন ছবি ডাংকি ৷ ছবিখনে পাঠান আৰু জৱানৰ দৰে ফলাফল দেখুৱাব পৰা নাই যদিও অনুৰাগীৰ পৰা যথেষ্ট সঁহাৰি পাইছিল ৷
কিং খানৰ বাবে বছৰটো কেৱল পেছাদাৰী জীৱনৰ বাবেই নহয়, ব্যক্তিগত জীৱনৰ বাবেও অতি বিশেষ আছিল ৷ কিয়নো ২০১৮ চনৰ পিচত কিং খানৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল ৷
শ্বাহৰুখ খানৰ বেক টু বেক ছবি ফ্লপ হৈছিল
সেই সময়ত বক্স অফিচত তেওঁৰ ছবিবোৰে বিশেষ একো ফলাফল দেখুৱাব পৰা নাছিল ৷ একে সময়তে ২০২১ চনত শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ানে ড্ৰাগছৰ গোচৰত কাৰাগাৰলৈ যাবলগীয়া হৈছিল । এতিয়া প্ৰথমবাৰৰ বাবে বলীউডৰ কিং শ্বাহৰুখ খানে নিজৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰিছে ৷
শেহতীয়াকৈ শ্বাহৰুখ খানে সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথোপকথনত তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন সময়ৰ কথা উল্লেখ কৰে । আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰ আৰু পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিচত সেই সময়ত তেওঁ মৌনতা অৱলম্বন কৰিছিল ।