অসম

assam

By

Published : Apr 11, 2022, 2:14 PM IST

ETV Bharat / entertainment

Jersey release date : নিৰ্মাতাই পিছুৱালে জাৰ্ছীৰ মুক্তিৰ তাৰিখ

শ্বাহিদ কাপুৰ অভিনীত ছবি জাৰ্ছী ৰৈ আছে মুক্তিৰ অপেক্ষাত ৷ ম্ৰুণাল ঠাকুৰ আৰু শ্বাহিদ কাপুৰৰ যুটিটোক ছবিখনৰ ট্ৰেইলাৰত দেখাৰ পিছত চলচ্চিত্ৰপ্ৰেমী দৰ্শকে অধীৰ আগ্ৰহেৰে ৰৈ আছে ছবিখনৰ মুক্তিৰ দিনটোলৈ (Jersey release date) ৷ এপ্ৰিলৰ মাজভাগত মুক্তি পাবলগীয়া ছবিখনৰ বাবে কিছুদিন ৰ’ব লাগিব অনুৰাগীসকল ৷ কিয়নো ছবিখনৰ মুক্তি লাভৰ দিন সলনি কৰা হৈছে ৷

Jersey
নিৰ্মাতাই পিছুৱালে জাৰ্ছীৰ মুক্তিৰ তাৰিখ

চিটাৰা ডেস্ক, 11 এপ্ৰিল : 14 এপ্ৰিলত মুক্তি পাবলগীয়া বলীউডৰ ছবি জাৰ্ছীয়ে এতিয়া মুক্তি লাভ কৰিব 22 এপ্ৰিলত (Jersey release date) ৷ ছবিখনৰ নিৰ্মাতা অমন গীলে দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

দৰাচলতে এপ্ৰিলৰ মাজভাগতে বহু প্ৰতীক্ষিত এখন কানাড়া ছবিয়ে মুক্তি লাভ কৰিব ৷ তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে ছবিখনৰ নিৰ্মাতাই ৷ পূৰ্বে কানাড়া ছবি কে জি এফ Chapter 2 আৰু জাৰ্ছীয়ে একেটা তাৰিখতে মুক্তি লাভ কৰাৰ কথা আছিল (Jersey vs kgf 2) ৷ ব্যৱসায়িক দিশৰ পৰা চাবলৈ গ’লে জাৰ্ছীয়ে লোকচানৰ সন্মুখন হোৱাৰ আশংকা কৰিয়ে এসপ্তাহৰ বাবে পিছুৱাই দিয়া হৈছে ছবিখনৰ মুক্তিৰ তাৰিখ ৷

এই সন্দৰ্ভত হোৱা এটা সাক্ষাৎকাৰত গীলে কৈছে যে, "জাৰ্ছী ছবিখনৰ বাবে আমি এটা টীম হৈ যথেষ্ঠ পৰিশ্ৰম কৰিছো, চকুপানী নিগৰাইছো ৷ সেয়ে আমি বিচাৰো প্ৰতিজন ছবিপ্ৰেমী দৰ্শকে যাতে ছবিখন চোৱাৰ সুবিধা লাভ কৰে ৷ জাৰ্ছীয়ে এতিয়া 22 এপ্ৰিলত মুক্তি লাভ কৰিব" ৷

গৌতম তিন্নাউৰিয়ে পৰিচালনা কৰা জাৰ্ছী ছবিখন 2019 চনৰ একেই নামৰ ব্লকবাষ্টাৰ তেলেগু ছবি জাৰ্ছীৰ হিন্দী ৰিমেক (Jersey film) ৷ 2019 চনৰ পিছত জাৰ্ছীত অনুৰাগীয়ে দেখিবলৈ পাব অভিনেতা শ্বাহিদ কাপুৰক ৷ এটা প্ৰচাৰ অনুষ্ঠানত শ্বাহিদে কৈছে যে তেওঁ গুণগতভাৱে উন্নত মানদণ্ডৰ কাম কৰিবলৈ যথেষ্ঠ আগ্ৰহী ৷ তেওঁলৈ অহা ছবিৰ প্ৰস্তাৱসমূহক লৈ সুখী অভিনেতাগৰাকী ৷ তেওঁ লগতে কয় যে, বিগত দুই-তিনিবছৰ নিজৰ কামক লৈ সুখী অনুভৱ কৰে শ্বাহিদে ৷

লগতে পঢ়ক:মাতৃত্ব অৰ্জনৰ সময়ছোৱা সম্পৰ্কত কি মন্তব্য কৰিলে কাজল আগৰৱালে

ABOUT THE AUTHOR

...view details