অসম

assam

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:27 PM IST

ETV Bharat / entertainment

Jawan Actress Janhvi: জৱানৰ এইগৰাকী অভিনেত্ৰীৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হ’ল অনুৰাগী, ছবি চালে আপুনিও আঁতৰাব নোৱাৰিব চকু

জৱানৰ অভিনেত্ৰী জাহ্নৱী এই মুহূৰ্তত চৰ্চাত ৷ কোন হয় জাহ্নৱী আৰু কিয় চৰ্চাত আছে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Shah Rukh khan jawan actress Janhvi aka Aaliyah qureishi Know about Aaliyah qureishi
জৱানৰ অভিনেত্ৰী জাহ্নৱী এই মুহূৰ্তত চৰ্চাত

চিটাৰা ডেস্ক, 8 ছেপ্টেম্বৰ: বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ অভিনীত ছবি ‘জৱান’ৰ জ্বৰ এতিয়া চৌদিশে ৷ দক্ষিণৰ জনপ্ৰিয় প্ৰতিভাসম্পন্ন পৰিচালক এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ছবিগৃহত হিট ৰূপে পৰিগণিত হৈছে ৷ প্ৰথম দিনাই বক্স অফিচত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছবিখনে ৷

ইফালে শ্বাহৰুখ খানৰ এই ব্লকবাষ্টাৰ ছবিখনত অভিনয় আৰু সৌন্দৰ্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অভিনেত্ৰী আলিয়া কুৰেশ্বীয়ে ৷ অভিনেত্ৰীগৰাকীৰ অভিনয় দৰ্শকে পছন্দ কৰিছে ৷ গতিকে এই প্ৰতিবেদনত জানো আহক অভিনেত্ৰীগৰাকীৰ বিষয়ে কিছু কথা ৷

অতি সুন্দৰ 'জৱান'ৰ এইগৰাকী অভিনেত্ৰী

শ্বাহৰুখ খান আৰু নয়নতৰাৰ অভিনীত ছবি ‘জৱান’ত জাহ্নৱীৰ সহযোগী চৰিত্ৰত অভিনয় কৰিছে আলিয়া কুৰেশ্বীয়ে । 'জৱান'ৰ জাহ্নৱীয়ে বলীউডত বহু ছবিত অভিনয় কৰা নাই যদিও শ্বাহৰুখৰ এই ছবিখনত আলিয়াই নিজৰ উৎকৃষ্ট অভিনয় আৰু সৌন্দৰ্যৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। পৰিস্থিতি এনে হৈছে যে এতিয়া অনুৰাগীয়ে আলিয়া কুৰেশ্বীক ‘জৱান’ৰ জাহ্নৱী বুলি ছ’চিয়েল মিডিয়াত চাৰ্চ কৰিছে ।

ইফালে আমি আপোনালোকৰ বাবে লৈ আহিছো আলিয়াৰ এনে কিছুমান ছবি যিবোৰে প্ৰমাণ কৰিবলৈ যথেষ্ট যে ‘জৱান’ৰ এইগৰাকী অভিনেত্ৰী বাস্তব জীৱনত অতি ধুনীয়া । এই ফটোবোৰত আপুনি দেখিবলৈ পাব যে আলিয়া কুৰেশ্বীক ক’লা বিকিনি পৰিধান কৰি সাগৰৰ পাৰত পোজ দিয়া দেখা গৈছে ৷ অভিনেত্ৰী গৰাকীক এই ছবিসমূহত অতি সুন্দৰ দেখা গৈছে ৷

কেৱল এয়াই নহয়, আলিয়া কুৰেশ্বীয়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত আপলোড কৰে নিজৰ ধুনীয়া ধুনীয়া ছবি ৷ আলিয়া কুৰেশ্বীৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এনে বহু ছবি ভৰি আছে। অনুৰাগীয়ে আলিয়াৰ এই ফটোবোৰৰ প্ৰশংসা কৰিছে।

এই ছবিখনত অভিনয় কৰিছে আলিয়াই

লাভ কৰা তথ্য অনুসৰি আলিয়া কুৰেশ্বীয়ে বলীউডৰ ছবি ‘হাৱা হাৱাই’ত অভিনয় কৰিছে ৷ কিন্তু এতিয়া শ্বাহৰুখ খানৰ ‘জৱান’ ছবিখনত আত্মপ্ৰকাশ কৰা আলিয়াই ভৱিষ্যতে আৰু বহু ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । অভিনয়ৰ উপৰিও আলিয়াই গান গোৱাৰ প্ৰতিও অতি আকৰ্ষিত।

লগতে পঢ়ক:Jawan on OTT: কেতিয়া অ’টিটিত আহিব শ্বাহৰুখ খানৰ জৱান ?

ABOUT THE AUTHOR

...view details