অসম

assam

ETV Bharat / entertainment

Rhea Chakraborty: ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰিলে জেইলৰ অভিজ্ঞতা

আকৌ এবাৰ জেইলৰ দিনবোৰৰ কথা মনত পেলালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে ৷ ক’লে তেওঁৰ দৰে আৰু বহু মহিলা আছিল জেইলত, যিয়ে সৰু সৰু কামত বিচাৰি পাইছিল সুখ ৷

Rhea Chakraborty shares Jail Experience in her recent post
ৰিয়া চক্ৰৱৰ্তী জেইলৰ অভিজ্ঞতা

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 5:06 PM IST

চিটাৰা ডেস্ক, 26 অক্টোবৰ: বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিচত তেওঁৰ কথিত প্ৰেমিকা তথা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীয়ে আনকি জেইললৈও যাবলগীয়া হৈছিল । এতিয়া আকৌ এবাৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ আটাইতকৈ বেয়া পৰ্যায়ৰ অভিজ্ঞতা সকলোৰে সৈতে শ্বেয়াৰ কৰিছে । ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰিয়াই কয় যে জেইলত থকাটো মোৰ বাবে অতি ভয়ংকৰ আছিল । কিন্তু কিছুমান কয়দী এনেকুৱাও আছিল যাৰ পৰা মই বহুত মৰমো পাইছিলোঁ ৷

ৰিয়া চক্ৰৱৰ্তীয়ে পুনৰ প্ৰকাশ কৰিলে নিজৰ জেইলৰ অভিজ্ঞতা

ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত যেতিয়া ৰিয়াক সোধা হৈছিল যে জেইলত তেওঁৰ অভিজ্ঞতা কেনেকুৱা আছিল । ইয়াৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে জেইল হৈছে এনে এটা ঠাই য’ত আপোনাক সমাজৰ পৰা আঁতৰাই এটা নম্বৰ দিয়া হয় । কাৰণ আপুনি সমাজৰ বাবে অযোগ্য হৈ পৰে আৰু এইটোৱেই আপোনাক ভাঙি পেলায় ।

ৰিয়াই কয়, ‘‘মই যেতিয়া জেইললৈ গৈছিলো, তেতিয়া মই এগৰাকী আণ্ডাৰ ট্ৰাইয়েল আছিলোঁ আৰু মোৰ দৰে বহু মহিলা আছিল যিসকলক দোষী সাব্যস্ত কৰা হোৱা নাছিল । কিন্তু তেওঁলোকক দেখা আৰু কথা পতাৰ পিচত মই তেওঁলোকৰ পৰা এটা বেলেগ ধৰণৰ মৰম লাভ কৰিছিলো । কাৰণ তেওঁলোক সৰু সৰু কথাত সুখ বিচাৰি পাইছিল । হয়, কেতিয়াবা তেওঁলোকৰ ভাষাটো মোৰ বাবে আচহুৱা যেন লাগিছিল । কিন্তু কেৱল তেওঁলোকক দেখি গম পালোঁ যে জীৱনটোক স্বৰ্গ বা নৰক কৰি তোলাটো কেৱল আপোনাৰ ওপৰত । সেয়া লাগিলে পৰিস্থিতি যিয়েই নহওক কিয় । হয়, কেতিয়াবা এই যুদ্ধ কৰাটো কঠিন হৈ পৰে, কিন্তু যদি আপোনাৰ শক্তি থাকে তেন্তে সকলো সহজ হৈ পৰে ।’’

জেইলত নাগিন ডান্স কৰিছিল ৰিয়াই

জেইলৰ কথা কওঁতে ৰিয়াই লগতে কৈছিল যে, ‘‘মই জেইলৰ সকলোকে প্ৰতিশ্ৰুতি দিছিলোঁ যে জামিন পালে তাতেই মই নাগিন ডান্স কৰিম । যেতিয়া মই জামিন লাভ কৰিছিলো তেতিয়া মই মোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিলো আৰু তাত থকা মহিলাসকলৰ লগত মাটিত পৰি নাগিন ডান্স কৰিছিলো ।’’

লগতে পঢ়ক:Rhea Chakraborty On Sushant Singh: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল ? ক’লে অভিনেতাগৰাকীৰ প্ৰেমিকাই

ABOUT THE AUTHOR

...view details