চিটাৰা ডেস্ক, 2 ফেব্ৰুৱাৰী : ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ছবি ‘Rocky Aur Rani Ki Prem Kahani’ ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে আৰু এতিয়া চলিত বৰ্ষৰ 28 জুলাইত ছবিগৃহত মুক্তি দিয়া হ’ব ছবিখন ।
বিগত বছৰৰ 13 নৱেম্বৰত বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা-প্ৰযোজক কৰণ জোহৰে ঘোষণা কৰিছিল যে ‘Rocky Aur Rani Ki Prem Kahani’ এই বছৰৰ 28 এপ্ৰিলত ছবিগৃহত মুক্তি লাভ কৰিব ৷ এতিয়া ‘Ae Dil Hai Mushkil’ৰ পিছত ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীৰে পুনৰ পৰিচালনাৰ ক্ষেত্ৰলৈ ঘূৰি অহা কৰণে বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰে ।
কৰণে ইনষ্টাগ্ৰামত লিখিছে- "তেওঁলোকে কয় যে সবৰ কা ফল মিঠা হোতা হে', গতিকে এই অবিশ্বাস্যভাৱে বিশেষ কাহিনীটোৰ মিঠা অনুভৱবোৰ বৃদ্ধি কৰিবলৈ - আমি আহি আছো গোটেই মৰম লৈ ! ৰকি ঔৰ ৰাণী কে পৰিৱাৰ হো ৰাহে হে তৈয়াৰ, ঔৰ আব দেখীয়ে য়েহ আনোখী কহানি অফ প্যাৰ!" ৷