চিটাৰা ডেস্ক, 28 মে’: বৰ্তমান সময়ত মনোৰঞ্জন জগতৰ লাইমলাইটত আছে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা (Parineeti Chopra And Raghav Chadha Marriage) ৷ শেহতীয়াকৈ আঙঠি পিন্ধোৱা পৰ্বৰ পিচত এতিয়া পুনৰ লাইমলাইটত আছে দুয়ো ৷ দুয়োকে একেলগে এইবাৰ ৰাজস্থানত দেখা গৈছে ৷ দুয়োগৰাকীয়ে এইবাৰ ৰাজস্থান ভ্ৰমণ সন্দৰ্ভত শিৰোনাম দখল কৰিছে। ৰাজস্থানত দুয়োকে একেলগে দেখাৰ পিচতে চলচ্চিত্ৰ মহলত চৰ্চা চলিছে যে পৰিণীতি আৰু ৰাঘৱে বৰ্তমান ৰাজস্থানত বিয়াৰ বাবে স্থান বিচাৰি আছে । অৱশ্যে এই কথা কিমান সঁচা আৰু মিছা এই সন্দৰ্ভত জানো আহক এই প্ৰতিবেদনত ৷
বিয়াৰ বাবে সৰ্বোত্তম ঠাই বিচাৰি পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই প্ৰথমে উদয়পুৰত ভ্ৰমণ কৰিছিল (Parineeti raghav marriage in Rajasthan) । উদয়পুৰক বিবাহৰ বাবে অতি বিশেষ স্থান বুলি গণ্য কৰা হয় । এই কাৰণেই দুয়ো বিয়াৰ স্থান বিচাৰি উদয়পুৰ পালেগৈ (Parineeti Chopra in Rajasthan) ।
কিশনগড় ভ্ৰমণ
উদয়পুৰৰ পাচত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা কিশনগড়লৈ যাত্ৰা কৰে (Raghav Chadha) । কিশনগড়তো এই দম্পতীয়ে বিয়াৰ বাবে স্থান বিচাৰিবলৈ গৈছিল বুলি গ্লেমাৰ জগতখনত চৰ্চা চলিছে। এতিয়া এই দম্পতীয়ে বিয়াৰ বাবে কোনখন ঠাই ভাল পায় সেয়া চাবলৈ আগ্ৰহী অনুৰাগী ।