চিটাৰা ডেস্ক, 18 এপ্ৰিল: বলীউডৰ বহু ছবিত নিজৰ উৎকৃষ্ট অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰিছে অভিনেত্ৰী মাহী গীল । যদিও বহু দিনৰ পৰা ৰূপালী পৰ্দাৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী । ইফালে এতিয়া খবৰ আহিছে যে 47 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে গোপনে বিবাহপাশত আৱদ্ধ হৈছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে অভিনেত্ৰীগৰাকীয়ে নিজৰ বৈবাহিক জীৱনৰ কথা বহু সময়ৰ পৰা গোপন কৰি ৰাখিছিল । এতিয়া খবৰ অনুসৰি জানিব পৰা মতে মাহী অবিবাহিতা নহয় (Mahie Gill Secretly Married)।
বিবাহপাশত আৱদ্ধ হ’ল মাহী গীল
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গীলৰ বিবাহ অভিনেতা-উদ্যোগী ৰবি কেছাৰৰ সৈতে হৈছে । মন কৰিবলগীয়া যে ২০১৯ চনত দুয়োগৰাকীয়ে ডিজিটেল ছিৰিজ ‘ফিক্সাৰ’ত একেলগে স্ক্ৰীণ শ্বেয়াৰ কৰিছিল । একে সময়তে প্ৰতিবেদন অনুসৰি অভিনেত্ৰীগৰাকীয়ে গোৱালৈ স্থানান্তৰিত কৰিছে নিজৰ বাসস্থান । য’ত তেওঁ স্বামী আৰু কন্যা ভেৰ’নিকাৰ সৈতে থাকে । দুয়োৰে বিয়া কেতিয়া হৈছিল তাৰ কোনো তথ্য বৰ্তমানলৈকে পোৱা নাই । একে সময়তে প্ৰতিবেদন অনুসৰি মাহীয়ে নিজেই নিশ্চিত কৰি কয় যে, তেওঁ ৰবি কেছাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে (Mahie Gill reveals she secretly married) ৷
মাহী গীলৰ এগৰাকী কন্যাও আছে