চিটাৰা ডেস্ক, 30 নৱেম্বৰ :ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইছে কৃতি সেনন আৰু দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসৰ বিবাহৰ বাতৰিয়ে । এই বাতৰি বিয়পি পৰাৰ পিছতে দুয়োৰে অনুৰাগী সকল উদ্বাউল হৈ পৰে ৷ এই বাতৰিত সত্যসত্যতাৰ বিচাৰ-খোচাৰ কৰি থকাৰ সময়তে কৃতিয়ে এইবোৰক ভিত্তিহীন বুলি স্পষ্টকৈ প্ৰকাশ কৰিলে ।
মঙলবাৰে নিশা কৃতিয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এক বিবৃতি প্ৰকাশ কৰি এই বাতৰিবোৰ ভিত্তীহীন বুলি উল্লেখ কৰে (Kriti Sanon instagram) । তেওঁ লিখিছে, "প্যাৰ নহয়, পি আৰো নহয় । আমাৰ ভেড়িয়া ৰিয়েলিটী শ্ব' এটাত অলপ বেছি বন্য হৈ গ'ল । তেওঁৰ ঠাট্টা-মস্কৰাবোৰে কিছুমান উৰাবাতৰিৰ সৃষ্টি কৰিছে । কোনোবা পৰ্টেলে মোৰ বিয়াৰ তাৰিখ ঘোষণা কৰাৰ আগতে-লেট মি বাৰ্ষ্ট ইয়ৰ বাবল ৷ উৰাবাতৰিবোৰ একেবাৰে ভিত্তিহীন"!
ডান্স ৰিয়েলিটী শ্ব’ ঝলক দিখলা জাত তেওঁলোকৰ ছবি ভেড়িয়াৰ প্ৰচাৰৰ সময়ত বৰুণ ধৱনে কৃতিৰ প্ৰভাসৰ সৈতে সম্পৰ্ক থকাৰ ইংগিত দিয়াৰ ঠিক পিছতেই এই কথা প্ৰকাশ কৰে কৃতিয়ে । বৰুণক কৰণ জোহৰৰ সৈতে মত বিনিময় কৰা দেখা পোৱা শ্ব’টোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।