চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ শেহতীয়া মুক্তি পোৱা ছবি জৱানে, বক্স অফিচত অব্যাহত ৰাখিছে ভাল প্ৰদৰ্শন । এটলী কুমাৰৰ পৰিচালনাত নিৰ্মিত এই একচন থ্ৰিলাৰ ছবিখনে আন এক মাইলৰ খুঁটি অতিক্ৰম কৰাৰ পথত । ৭ ছেপ্টেম্বৰত বৃহৎ সংখ্যক ধনেৰে বক্স অফিচত খাতা খুলিছিল ছবিখনে আৰু মুক্তিৰ প্ৰায় দুসপ্তাহৰ পাচতো বক্স অফিচত শক্তিশালী দখল অব্যাহত ৰাখিছে । কিন্তু উদ্যোগ ট্ৰেকাৰ ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ ১৩ দিনত ছবিখনৰ সংগ্ৰহত কিছু প্ৰভাৱ পৰিব পাৰে ।
একচন ভৰ্তি এই ছবিখনে ছবিগৃহত প্ৰথম ১২ দিনত ভাৰতত প্ৰায় ৪৯১.৬৩কোটি টকাৰ নেট কঢ়িয়াই আনিছিল বুলি ছাকনিল্কৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে । প্ৰাথমিক হিচাপ অনুসৰি মুক্তিৰ ১৩ দিনত কিং খানৰ ছবিখনে ঘৰুৱা বক্স অফিচত ১২.১৬ কোটিটকাৰ নেট কৰাৰ সম্ভাৱনা আছে, যদি এনে হয় তেন্তে ঘৰুৱা বক্স অফিচত মুঠ উপাৰ্জন হ’বগৈ ৫০৫.৫৪ কোটি টকা । এয়া সঁচাকৈয়ে এক উল্লেখযোগ্য মাইলৰ খুঁটি কিয়নো ছবিখনে পাঠানৰ অভিলেখ মাত্ৰ ১৩ দিনৰ ভিতৰতে ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি ভংগ কৰিব । আমোদজনক কথাটো হ’ল যে এছ আৰ কেৰ পূৰ্বৰ মুক্তি পোৱা পাঠানে ২৩ দিনত এই কৃতিত্ব অৰ্জন কৰিছিল (৫০৫.৮৫ কোটি টকা)।