অসম

assam

ETV Bharat / entertainment

ফাইটাৰৰ প্ৰথমটি গীত মুকলি, গীতটিত হৃত্বিক-দীপিকাৰ কেমিষ্ট্ৰীয়ে মোহিত কৰিব আপোনাক

Fighter first Song: মুক্তি পালে ফাইটাৰৰ প্ৰথমটো গীত ‘শ্বেৰ খুল গয়ে’ । এই গীতটিত দীপিকা পাডুকন আৰু হৃত্বিক ৰোশনৰ আচৰিত ধৰণৰ কেমিষ্ট্ৰী দেখা গৈছে ।

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 2:27 PM IST

Fighter song Sher Khul Gaye: Hrithik Roshan and Deepika Padukone are here to burn the dance floor with their killer moves
মুক্তি পালে ফাইটাৰৰ প্ৰথমটো গীত ‘শ্বেৰ খুল গয়ে

চিটাৰা ডেস্ক, ১৫ ডিচেম্বৰ :অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ আগন্তুক একচন ছবি ‘ফাইটাৰ’ৰ বাবে । শেহতীয়াকৈ ছবিখনৰ টিজাৰ মুকলি কৰা হয়, যিয়ে দৰ্শকৰ পৰা প্ৰচণ্ড সঁহাৰি লাভ কৰে ।

'ফাইটাৰ'ৰ প্ৰথমটো গীত 'শ্বেৰ খুল গয়ে' মুক্তি

টিজাৰৰ পিচত এতিয়া মুক্তি পালে ছবিখনৰ প্ৰথমটো গীত শ্বেৰ খুল গয়ে । এই গীতটিত দীপিকা আৰু হৃত্বিকৰ আচৰিত কেমিষ্ট্ৰী দেখিবলৈ পোৱা গৈছে । দুয়োৰে নৃত্যৰ মুভচ আছিল অতি সুন্দৰ । এই গীতটি মুক্তি পোৱাৰ লগে লগে মুহূৰ্ততে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । এই গীতটিৰ জৰিয়তে আকৌ এবাৰ হৃত্বিক ৰোশনে নিজৰ নৃত্যৰ দক্ষতাৰে অনুৰাগীক আপ্লুত কৰি তুলিছে । দীপিকাইয়ো হৃত্বিকৰ সৈতে নিজৰ নৃত্যৰে অনুৰাগীক আচৰিত কৰি তুলিছে ।

উল্লেখ্য যে, এই গীতটিত কণ্ঠদান কৰিছে বিশাল-শেখৰ, বেনী দয়াল আৰু শিল্পা ৰাওৱে ৷ আনহাতে, বিশাল-শেখৰে ৰচনাও কৰিছে । গীতৰ কথা কুমাৰে লিখিছে । হৃত্বিক আৰু দীপিকাই নিজৰ নৃত্যৰে এই গীতটিত প্ৰাণ ঢালি দিছে ।

কেতিয়া মুক্তি পাব ফাইটাৰ ?

সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত এই এৰিয়েল একচন ছবিখনত অনিল কাপুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এইখন হৃত্বিকৰ সৈতে সিদ্ধাৰ্থৰ তৃতীয়খন ছবি । ইয়াৰ পূৰ্বে দুয়োজনে একেলগে ‘ৱাৰ’, ‘বেং বেং’ত কাম কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে, ফাইটাৰ হৈছে হৃত্বিক ৰোশনৰ প্ৰথমখন থ্ৰীডি ছবি, সেয়েহে এই ছবিখনক লৈ যথেষ্ট উৎসুক অভিনেতাগৰাকী । অহা বছৰৰ ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব এই ছবিখন ।

ছবিখনত হৃত্বিক আৰু দীপিকাৰ ভূমিকা

শেহতীয়াকৈ ছবিখনৰ পৰা হৃত্বিক আৰু দীপিকাৰ প্ৰথম লুক প্ৰকাশ পাইছিল ৷ পোষ্টাৰত হৃত্বিক আৰু দীপিকাৰ লুকটো দেখি যথেষ্ট আপ্লুত হৈছে অনুৰাগী । চিনেমাখনত দীপিকাক স্কোয়াড্ৰনৰ লিডৰ মিনাল ৰাথোড়ৰ চৰিত্ৰত দেখা যাব, যাৰ মতা নাম হৈছে মিন্নি । ইফালে হৃত্বিকক স্কোয়াড্ৰন পাইলট ‘শ্বামশ্বেৰ পাঠানিয়া’ ওৰফে ‘পেটী’ হিচাপে দেখা যাব ।

লগতে পঢ়ক :ফাইটাৰ মুক্তিৰ পূৰ্বে শ্ৰীভেংকটেশ্বৰ স্বামীৰ আশীৰ্বাদ বিচাৰি তিৰুমালাত উপস্থিত দীপিকা পাডুকন

ABOUT THE AUTHOR

...view details