অসম

assam

By

Published : Mar 28, 2023, 9:34 PM IST

ETV Bharat / entertainment

Deepika Padukone: অভাৰছাইজ ট্ৰেঞ্চ কোটত বিমানবন্দৰত দেখা গ’ল দীপিকা পাডুকনক

আজি পুৱা মুম্বাই বিমানবন্দৰত দেখা গ’ল বলীউডৰ তাৰকা দীপিকা পাডুকনক (Deepika Padukone at Mumbai airport)। ষ্টাইলিছ এয়াৰপৰ্ট লুকত দীপিকাক অতি সুন্দৰ দেখা গৈছিল ৷

Deepika Padukone in camouflage trench coat ticks all the right boxes for chic airport look
ষ্টাইলিছ এয়াৰপৰ্ট লুকত দীপিকা

চিটাৰা ডেস্ক, 28 মাৰ্চ:বিমানবন্দৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বলীউডৰ অভিনেত্ৰীসকলৰ ফেশ্বন ৷ বিমানবন্দৰৰ লুকৰ বাবে প্ৰায়ে বলীউডৰ অভিনেত্ৰীসকলক বাছি ভিন্ন সাজ-পোছাক (Deepika Padukone airport look) ৷ ইয়াৰ ভিতৰত আছে বলীউডৰ অন্যতম অভিনেত্ৰী দীপিকা পাডুকন ৷ দীপিকা পাডুকনক প্ৰায়ে ফেশ্বনেবল সাজ পৰিধান কৰি বিমানবন্দৰত উপস্থিত হোৱা দেখা যায় ৷

আজি পুনৰ মুম্বাই এৰি যোৱাৰ সময়ত এয়াৰপৰ্ট লুকছৰ প্ৰতি থকা প্ৰেমৰ প্ৰদৰ্শন অব্যাহত ৰাখিলে অভিনেত্ৰীগৰাকীয়ে । আজি পুৱা ট্ৰেঞ্চ কোট, জগাৰ পেণ্ট আৰু প্ৰিন্ট থকা চুৱেটাৰ পৰিধান কৰা দেখা পোৱা যায় দীপিকাক ৷ এই সাজত দীপিকা পাডুকনে পাপাৰাজীৰ বাবে প’জ দিয়াও দেখা যায় ৷ অভিনেত্ৰীগৰাকীৰ শেহতীয়া লুকটোৱে এয়াৰপৰ্টৰ ফেশ্বনৰ অতি উত্তম বুলি মন্তব্য কৰে অনুৰাগীয়ে (Deepika Padukone casual airport fashion) ৷

এগৰাকী পাপাৰাজীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে নিজা বাহনেৰে ডিপাৰ্চাৰ টাৰ্মিনেলত উপস্থিত হৈ বিমানখন ধৰিবলৈ যোৱাৰ পূৰ্বে কেমেৰাৰ সন্মুখত প’জ দিয়া দেখা গৈছে (Deepika Padukone airport outfits) । দীপিকাই পৰিধান কৰিছিল কেমো প্ৰিন্টৰ সৈতে অভাৰছাইজ থ্ৰী পিছ এথলেইজাৰ ড্ৰেছ । ব্লেক গগলছ আৰু হাই এণ্ড বেগ এটাৰে নিজৰ লুকটো পৰিপূৰক কৰিছিল দীপিকাই ।

আজি পুৱা প্ৰায় 4 বজাত বিমানবন্দৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী । এয়াৰপৰ্ট লুকত লগতে অলিভ গ্ৰীণ জগাৰ পেণ্টো পৰিধান কৰা পৰিলক্ষিত হৈছিল ৷ লুইছ ভুটনৰ টোট বেগ আৰু চুংকি বগা লেচ-আপ স্নিকাৰৰ সৈতে এটা মেচি টপ বান, নিউড লিপ গ্লছ আৰু কোনো মেকআপ নোহোৱাকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ এয়াৰপৰ্ট লুক সম্পূৰ্ণ কৰিছিল ।

উল্লেখ্য যে, দীপিকাৰ আগন্তুক ছবি হৈছে ফাইটাৰ ৷ ইতিমধ্য়েই ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিছে অভিনেত্ৰীগৰাকীয়ে । এই ছবিখনত হৃতিক ৰোশনৰ সৈতে দেখা যাব দীপিকাক । অক্ষয় ওবেৰয়, কৰণ সিং গ্ৰ’ভাৰ, অনিল কাপুৰকো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা ছবিখনত ৷ সিদ্ধাৰ্থ আনন্দৰ ফাইটাৰ ছবি 2024 চনৰ 25 জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব । লগতে অমিতাভ বচ্চন আৰু অভিনেতা প্ৰভাসৰ সৈতে প্ৰজেক্ট কেত কাম কৰি আছে দীপিকাই । দ্য ইন্টাৰনৰ হিন্দী ৰিমেকতো বিগ বিৰ সৈতে অভিনয় কৰিব দীপিকাই ।

লগতে পঢ়ক:Shahrukh Salman movie:পাঠানত একেলগে কাম কৰা প্ৰসংগত মুকলিকৈ কথা পাতে শ্বাহৰুখ-ছলমানে

ABOUT THE AUTHOR

...view details