চিটাৰা ডেস্ক, 28 জুন: ২৬ জুনত চাৰিদিনীয়া অম্বুবাচী মেলাৰ অন্ত পৰাৰ পাছত গুৱাহাটীৰ নীলাচল পাহাৰৰ শিখৰত থকা কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে বলীউডৰ তাৰকা কংগনা ৰানাৱটে । মঙলবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা দেৱালয়ত নিশা কটাই যজ্ঞতো অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে ।
ইফালে, তাৰকাগৰাকীৰ সৈতে চেলফি ক্লিক কৰিবলৈ মন্দিৰ চৌহদত তেওঁৰ চাৰিওফালে অনুৰাগীসকলে সমবেত হয় । উল্লেখ কৰিব পাৰি যে, মঙলবাৰে VIP আৰু VVIPৰ বাবে মন্দিৰৰ মূল দুৱাৰ মুকলি কৰা হয় ।
সোমবাৰে মন্দিৰৰ দুৱাৰ খোলাৰ পিছত সাধাৰণ লোকক দেৱীৰ আশীৰ্বাদ বিচাৰি মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে । মা কামাখ্যাৰ বাৰ্ষিক ঋতুস্ৰাৱ উপলক্ষে চাৰিদিনীয়া অম্বুবাচী মেলা ২২ জুনৰ পৰা আৰম্ভ হৈ ২৬ জুনত শেষ হয় আৰু কিছুক্ষণ পিছত মুম্বাইলৈ পুনৰ উভতি যাব অভিনেত্ৰীগৰাকী ।