অসম

assam

ETV Bharat / entertainment

ঈশানক এৰি কাৰ সৈতে আশ্বিকী কৰিছে অনন্যাই ?

অনন্যা পাণ্ডেই ঈশানৰ লগত ব্ৰেকআপ হোৱাৰ পিছত ডেট কৰি আছে সেইজন অভিনেতাক যাক কেৱল ৰীল লাইফতেই নহয় বৰঞ্চ ৰিয়েল লাইফতো অনুৰাগীয়ে শ্ৰদ্ধা কাপুৰৰ সৈতে থকাটো বিচাৰে (Ananya Panday latest news) ৷ কোন বাৰু এইজন অভিনেতা আপোনালোকে চিনি পাইছেনে ?

ananya panday
ঈশানক এৰি কাৰ সৈতে আশ্বিকী কৰিছে অনন্যাই ?

By

Published : Jul 12, 2022, 5:20 PM IST

চিটাৰা ডেস্ক, 12 জুলাই :বলীউড জগতত চেলেব্ৰিটীসকলৰ মাজৰ সম্পৰ্কক লৈ দৈনিক নিত্য নতুন বাতৰি প্ৰকাশ হৈ থকাটো তেনেই সাধাৰণ কথা ৷ অৱশ্যে বলীউডত সম্পৰ্কও সলনি হয় তেনেদৰে ৷ সম্পৰ্ক ভঙা-গঢ়া ইয়াত এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে ৷

মালাইকা-আৰবাজ খানৰ পৰা আৰম্ভ কৰি হৃত্বিক-চুজেনৰ বিবাহ বিচ্ছেদৰ খবৰে অনুৰাগীক বিচলিত কৰি তুলিছিল ৷ শেহতীয়াকৈ সিদ্ধাৰ্থ-কিয়াৰাৰ ব্ৰেকআপৰ বাতৰিয়েও বহু চৰ্চা লাভ কৰিলে ৷ কিন্তু এতিয়া সকলোবোৰ খবৰ তল পেলাই এইগৰাকী অভিনেত্ৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ হয়, আপোনালোকে ঠিকেই ভাবিছে, আমি অনন্যা পাণ্ডেৰ কথাই কৈছো ৷

শ্বাহিদ কাপুৰৰ ভাতৃ ঈশান খাট্টাৰৰ সৈতে অনন্যাৰ আছিল দীৰ্ঘদিনীয়া সম্পৰ্ক ৷ তেওঁলোকক পাপ্পাৰাজীয়ে বহু স্থানত একেলগে প্ৰত্যক্ষও কৰিছে ৷ যিকোনো পাৰিবাৰিক অনুষ্ঠানতে অনন্যা-ঈশান একেলগ হয়েই আৰু তেওঁলোকৰ ফটোও নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে ৷

কিন্তু অনন্যা এতিয়া চৰ্চালৈ আহিছে আন এজন অভিনেতাৰ বাবেহে (Ananya Panday dating whom) ৷ কিছুদিন পূৰ্বে ঈশানৰ সৈতে অনন্যাৰ সম্পৰ্ক শেষ হৈছে বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছত এতিয়া এইজন অভিনেতাক ডেট কৰি আছে বুলি বাতৰিৰ শিৰোনামলৈ আহিছে অভিনেত্ৰীগৰাকী ৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অনন্যা পাণ্ডেই ডেট কৰি আছে আশ্বিকী 2 ফেম আদিত্য ৰয় কাপুৰক (Ananya Panday and Aditya Roy Kapoor) ৷ কিন্তু এই খবৰ শুনি আচৰিত হৈ পৰিছে একাংশ ৷ কিয়নো দুয়োজনে এতিয়ালৈকে একেলগে এখনো চিনেমা কৰা নাই, তেন্তে তেওঁলোকে ক'ত আৰু কেনেকৈ লগ পালে !

এই বাতৰিটো সম্পৰ্কত তেওঁলোক দুয়োৰে পৰা কোনো নিশ্চয়তা এতিয়ালৈকে লাভ কৰা হোৱা নাই ৷ আদিত্য আৰু অনন্যাই এই বিষয়ে অৱশ্যে অস্বীকাৰো কৰা নাই ৷ অনন্যা আৰু আদিত্যৰ সম্পৰ্কৰ বাতৰি সামাজিক মাধ্যমত দ্ৰুতগতিত বিয়পি পৰিছে।

উল্লেখযোগ্য যে অনন্যা-ঈশান 3 বছৰৰ সম্পৰ্কৰ পিছত পৃথক হৈছে । অনন্যা বৰ্তমান Ligar ছবিখনকলৈ ব্যস্ত হৈ আছে ৷ তেওঁক দক্ষিণৰ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব এই ছবিখনত । চলচ্চিত্ৰখন এই বছৰৰ ২০ আগষ্টত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক :Priyanka nick immerse in each other: সমূদ্ৰৰ বিশালতাত প্ৰিয়ংকা নিকৰ প্ৰেমৰ ‘মেজিক আৱাৰ’

ABOUT THE AUTHOR

...view details