অসম

assam

ETV Bharat / entertainment

Alia Bhatt Hollywood debut: মে’ মাহৰ পৰা আলিয়াই আৰম্ভ কৰিব তেওঁৰ প্ৰথমখন হলীউড ছবিৰ শ্বুটিং

শীঘ্ৰেই হলীউডৰ ছবিত দেখিবলৈ পোৱা যাব আলিয়া ভাটক (Alia Bhatt Hollywood debut) ৷ মে’ মাহৰ পৰা জনপ্ৰিয় হলীউড তাৰকা গাল গাডটৰ সৈতে লণ্ডনত শ্বুটিং আৰম্ভ কৰিব আলিয়াই ৷ সবিশেষ জানো আহক-

By

Published : May 5, 2022, 4:03 PM IST

Alia Bhatt
আলিয়া ভাট

চিটাৰা ডেস্ক, 5 মে’ :চলিত বছৰৰ মাৰ্চ মাহত নাৰী দিৱসৰ দিনাই আলিয়াই অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছিল হলীউডত আত্মপ্ৰকাশ কৰাৰ কথা ৷ আলিয়াই ৱণ্ডাৰ ৱমেন গাল গাডটৰ সৈতে হলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে (Alia Bhatt Hollywood debut) । মন কৰিবলগীয়া যে, আলিয়া ভাটে এই মাহৰ পৰাই তেওঁৰ নতুন হলীউড প্ৰজেক্টৰ কাম আৰম্ভ কৰিব । বৰ্তমান আলিয়া কৰণ জোহৰ পৰিচালিত ৰকি ঔৰ ৰানী কি প্ৰেমকাহিনী শীৰ্ষক চলচ্চিত্ৰখনৰ বাবে চৰ্চাত আছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আলিয়া ভাটে এই মাহৰ মাজভাগৰ পৰাই লণ্ডনত তেওঁৰ প্ৰথম হলীউড প্ৰকল্প হাৰ্ট অফ ষ্টোনৰ কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে (Alia Bhatt Hollywood movie name) । আলিয়াক ছবিখনত গাল গাডট আৰু জেমি ডৰনানৰ সৈতে দেখিবলৈ পোৱা যাব (Alia Hollywood debut cast) । ৰকি ঔৰ ৰানী কি প্ৰেমকাহিনীৰ শ্বুটিং শেষ হোৱাৰ লগে লগে আলিয়া ইউকেলৈ উৰা মাৰিব । টম হাৰ্পাৰে পৰিচালনা কৰা চলচ্চিত্ৰখন আগষ্টত সম্পূৰ্ণ হ'ব আৰু নেটফ্লিক্সত প্ৰদৰ্শিত হ'ব ।

শীঘ্ৰেই হলীউডৰ ছবিত দেখিবলৈ পোৱা যাব আলিয়া ভাটক

ইয়াৰ উপৰিও, আলিয়াই অভিনেতা ফাৰহান আখটাৰৰ সৈতে ছবি জি লে জাৰাৰ কামো অতি শীঘ্ৰেই আৰম্ভ কৰিব । জি লে জাৰা এখন বহু ভিত্তিক স্থানৰ চলচ্চিত্ৰ ৷ ভাৰতৰ বহুতো চহৰত এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ'ব । সংবাদ মাধ্যমৰ মতে, আলিয়া ভাটক গংগুবাই কাঠিয়াৱাড়ীৰ পিছত আকৌ এবাৰ সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে একেলগে দেখা যাব (Alia Bhatt upcoming movies) । প্ৰাপ্ত বাতৰি অনুসৰি আলিয়া আৰু ৰণবীৰ সিঙক সঞ্জয়ৰ আহিবলগীয়া ছবি বাইজু বাৱাৰাৰ বাবে নিশ্চিত কৰা হৈছে ।

আলিয়া ভাটৰ কেৰিয়াৰত এনে কিছুমান চলচ্চিত্ৰ আছে যিয়ে অভিনেত্ৰী গৰাকীক বিশ্বব্যাপী জনাজাত কৰি তুলিছে । ৰণবীৰ সিঙৰ সৈতে কৰা 'গালি বয়' চলচ্চিত্ৰ যখনে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত চৰ্চা লাভ কৰিছিল । ছবিখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হিট বুলি কোৱা হৈছিল । 'গালি বয়' বোলছবিখন ভাৰতে ২০২০ ত অস্কাৰৰ বাবে শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ হিচাপে উপস্থাপন কৰিছিল । আলিয়াৰ শেহতীয়া মুক্তিপ্ৰাপ্ত 'গংগুবাই কাঠিয়াৱাড়ীয়ে'ও বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল ।

বলীউড অভিনেত্ৰী গৰাকীয়ে এই সফলতা হলীউডতো যাতে লাভ কৰিবলৈ সক্ষম তাৰেই কামনা কৰিছে অনুৰাগীসকলে ৷

লগতে পঢ়ক:৭৫ তম কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব সত্যজিৎ ৰায়ৰ 'প্ৰতিদ্বন্দী'

ABOUT THE AUTHOR

...view details