চিটাৰা ডেস্ক, 15 জুন :ৰূপালী পৰ্দাত প্ৰথমবাৰৰ বাবে একেলগে দেখা পোৱা যাব ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক ৷ এই ছবিখনৰ শ্বুটিঙৰ সময়তে দুয়োৰে মাজত প্ৰেম হৈছিল ৷ মুকলি হ’ল বহুপ্ৰতীক্ষিত ছবিখনৰ ট্ৰেইলাৰ ৷ ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকা দুয়োৰে অনুৰাগীয়ে ট্ৰেইলাৰটো চোৱাৰ পিছত প্ৰশংসাৰে উপচাই পেলাইছে ছ’চিয়েল মিডিয়া (Brahmastra Trailer) ৷
আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ অনুৰাগীসকলৰ উৎকণ্ঠা আৰু অধিক বৃদ্ধি পালে ট্ৰেইলাৰটো চোৱাৰ পিছত (Alia Bhatt latest insta post) । 'ব্ৰহ্মাস্ত্ৰ' শীৰ্ষক এই ছবিখন দুয়োগৰাকী তাৰকাৰে প্ৰথম পৌৰাণিক ছবি । পূৰ্বে চলচ্চিত্ৰখনৰ সকলো চৰিত্ৰৰ ম’চন পোষ্টাৰবোৰ একেৰাহে মুকলি কৰা হৈছিল । এই ছবিখন অয়ন মুখাৰ্জীয়ে পৰিচালনা কৰিছে আৰু কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ।
ইয়াৰ পূৰ্বে আলিয়া ভাটে ছবিখনৰ এটা টিজাৰ শ্বেয়াৰ কৰিছিল, য'ত অমিতাভ বচ্চন, নাগাৰ্জুন, ৰণবীৰ কাপুৰ আৰু মৌনী ৰয়কে ধৰি সকলোৰে চৰিত্ৰ দেখা পোৱা গৈছিল (Brahmastra movie cast) । টিজাৰটোত সকলো তাৰকাৰে প্ৰকৃত চৰিত্ৰ প্ৰকাশ হৈছিল ।