অসম

assam

ধিঙত  ৮৭ শতাংশ মতদান

By

Published : Apr 11, 2019, 9:32 PM IST

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হয়

কলিয়াবৰৰ ধিং বিধান সভা সমষ্টিত ৮৭ শতাংশ ভোট গ্ৰহণ

কলিয়াবৰ,১১ এপ্ৰিলঃ কলিয়াবৰ লোকসভা সমষ্টি এলেকাৰ ধিং সমষ্টিত বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হয় । বিভিন্ন কেন্দ্ৰৰ পৰা পোৱা তথ্য মতে সন্ধিয়া ৫ বজালৈকে ধিং সমষ্টিত সৰ্বমুঠ ভোটদানৰ হাৰ ৮৭ শতাংশ ।

কলিয়াবৰৰ ধিং বিধান সভা সমষ্টিত ৮৭ শতাংশ ভোট গ্ৰহণ

উল্লেখ্য যে, যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ধিং সমষ্টিত ৭৯ শতাংশ ভোটদান হৈছিল যদিও এইবাৰ তাতকৈ ৮ শতাংশ বেছি ভোট গ্ৰহণ হয় সমষ্টিটোত ।উল্লেখ্য যে , ৯৭ শতাংশ সংখ্যালঘু অধ্যুষিত ধিং সমষ্টিৰ ভোটাৰ সকল পুৱাৰ পৰাই ভোটদান কৰিবলৈ ভিৰ কৰেহি ভোটকেন্দ্ৰসমূহত ।

ABOUT THE AUTHOR

...view details