কামৰূপ,19 এপ্ৰিল : ৰাজ্যত অন্ত পৰিল প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ পুনৰ 23 এপ্ৰিলত ৰাজ্যৰ ধুবুৰী,কোকৰাঝাৰ,বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । ৮৮৬ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যেই সাজু হৈ উঠিছে প্ৰশাসনীয় সকলো ব্যৱস্থা। প্ৰয়োজনীয় সকলো সা-সামগ্ৰী লৈ গুৱাহাটী লোকসভা সমষ্টিৰ বাবেও সাজু হৈ উঠিছে কামৰূপ জিলা প্ৰশাসন ।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন
ৰাজ্যৰ ৪টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন
আনহাতে ৮৮৬ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাধিকাৰ সাব্যস্ত কৰিব ৭,১২,০৬৫ গৰাকী ভোটাৰে । ৰাজ্যৰ 4টা সমষ্টিত হ'বলগীয়া এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া সমষ্টিকেইটাত চলিছে বিশেষ উৎসাহ আৰু উদ্দীপনা ।