অসম

assam

ETV Bharat / elections

শোভাযাত্ৰাৰে অন্ত পৰিল প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ

ধেমাজিত বিজেপি-মিত্ৰজোঁটৰ এক বিশাল শোভাযাত্ৰাৰে সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰচাৰ অভিযান । সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত বিজেপি চৰকাৰৰ গুণগানেৰে শোভাযাত্ৰাত অংশ লয় বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ লগতে ধেমাজি বিধায়ক ৰণোজ পেগুৱে ৷

By

Published : Apr 9, 2019, 10:37 PM IST

অন্ত পৰিল প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ

ধেমাজি,৯ এপ্ৰিলঃ মঙলবাৰে দিনৰ 5 বজাত সামৰণি পৰিল ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ অন্তিম দিনা ধেমাজি সদৰত বিজেপি-মিত্ৰজোঁটৰ দ্বাৰা উলিয়াই এক বিশাল শোভাযাত্ৰা । ধেমাজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ প্ৰাংগণৰ পৰা গায়নে-বায়নে নগৰৰ মাজেৰে যোৱা সমদলত অংশগ্ৰহণ কৰে 18নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই । আকৌ এবাৰ মোদী চৰকাৰ, বিজেপি জিন্দাবাদ আদি শ্ল'গান দি শক্তি প্ৰদৰ্শন কৰে অগপ-বিজেপি মিত্ৰজোঁটৰ সকলো কৰ্মী সদস্যই । উল্লেখ্য যে এই শোভাযাত্ৰাত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ লগতে ধেমাজি বিধায়ক ৰণোজ পেগু সহ সহস্ৰাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

শোভাযাত্ৰাৰে অন্ত পৰিল প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details