অসম

assam

By

Published : May 24, 2021, 10:34 PM IST

ETV Bharat / crime

নাবালিকা নিৰ্যাতনৰ অভিযুক্তক গ্ৰেপ্তাৰ কোকৰাঝাৰ আৰক্ষীৰ

নাবালিকা নিৰ্যাতনকাৰী ৰঘুনাথ নাৰ্জাৰী আৰক্ষীৰ জালত ৷ বিগত তিনি দিন ধৰি পলাতক হৈ আছিল ৰঘুনাথ নাৰ্জাৰী ৷ এগৰাকী ন বছৰীয়া নাবালিকাক নিৰ্যাতন চলাই আহিছিল লোকজনে ৷

rappist-arrested-kokrajhar
নাবালিকা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ লম্পট ৰঘুনাথ নাৰ্জাৰী

কোকৰাঝাৰ, ২৪ মে': বিগত তিনি দিনে পলাতক হৈ থকা নাবালিকা নিৰ্যাতনকাৰী ৰঘুনাথ নাৰ্জাৰী (55) নামৰ লম্পট জনক অবশেষত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ কোকৰাঝাৰ সদৰ আৰক্ষীয়ে দেওবাৰে নিশা বিশমুৰী আৰক্ষীৰ সহযোগত বিশমুৰী এলেকাৰে ডিদৌমপাৰা গাঁৱৰ পৰা নাবালিকা এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত লোকজনক আটক কৰে ৷

আটকাধীন ৰঘুনাথ নাৰ্জাৰীক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত জিলা সদৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ বিশমুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত দিডৌমপাৰা গাৱঁৰ এগৰাকী ন বছৰীয়া নাবালিকাক একে গাঁৱৰে ৰঘুনাথ নাৰ্জাৰী নামৰ লম্পট লোকজনে যৌন নিৰ্যাতন চলাই আহিছিল ৷

নাবালিকা গৰাকীয়ে নিজ অভিভাৱকৰ আগত এই বিষয়ে অৱগত কৰাৰ পিছতহে ঘটনাটো পোহৰলৈ আহে ৷ পিছত ভুক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালে বিশমুৰী আঞ্চলিক এবছুৰ সহযোগত যোৱা 21 মে’ত বিশমুৰী উপ আৰক্ষী চকীত অভিযুক্ত ৰঘুনাথ নাৰ্জাৰী বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে, ঘটনাটো পোহৰলৈ অহাৰ পিছৰে পৰা লম্পট ৰঘুনাথ নাৰ্জাৰী পলাতক হৈ আছিল ৷

লগতে পঢ়ক :অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই

ABOUT THE AUTHOR

...view details