অসম

assam

By

Published : Mar 4, 2021, 8:33 PM IST

ETV Bharat / crime

পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি হাৰিয়ানাত

হাৰিয়ানাৰ যমুনা নগৰৰ গান্ধী নগৰত পাৰিবাৰিক বিবাদত লিপ্ত হৈ পত্নীক কেৰাচিন ঢালি অগ্নি সংযোগ স্বামীৰ । সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন ।

পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি হাৰিয়ানাত
পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি হাৰিয়ানাত

নিউজ ডেস্ক, ৪ মাৰ্চ: পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি । হাৰিয়ানাৰ যমুনা নগৰৰ গান্ধী নগৰত সংঘটিত হয় এই ঘটনা । উক্ত নগৰৰ কুলৱন্ত নামৰ লোকজনে পত্নীৰ সৈতে পাৰিবাৰিক বিবাদত লিপ্ত হয় । পাচত দম্পত্তীহালৰ মাজত কাজিয়া ইমানেই বৃদ্ধি পাইছিল যে কুলৱন্তে তেওঁৰ পত্নীক কেৰাচিন ঢালি অগ্নি সংযোগ কৰে । ফলত শৰীৰৰ অৰ্দ্ধ শতাংশ সম্পূৰ্ণৰূপে জ্বলি যায় পত্নীগৰাকীৰ । পাচত স্থানীয় ৰাইজৰ তৎপৰতাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ঘটনা সন্দৰ্ভত হাৰিয়াণা আৰক্ষীয়ে কুলৱন্তক গ্ৰেপ্তাৰ কৰে । বিয়াৰ পাচৰে পৰা প্ৰায়ে কুলৱন্তে প্ৰায়ে তেওঁৰ পত্নীক মাৰধৰ কৰি আহিছিল । ২০১৮ চনতে মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল । যদিহে উক্ত অভিযোগ প্ৰত্যাহাৰ নকৰে তেন্তে পত্নীক হত্যা কৰাৰ ভাবুকি দিছিল কুলৱন্তে । সম্প্ৰতি, দম্পত্তীহালৰ বিবাদ গৈ আদালতৰ দ্বাৰস্থ হৈছে ।

লগতে পঢ়ক: পাটনাত বিএছপি নেতাক অপহৰণ

ABOUT THE AUTHOR

...view details