ডিব্ৰুগড়, 30 জুন :ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহৰ লগতে অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান ৷ সমান্তৰালকৈ ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh pilice)ও ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ মঙলবাৰে নিশাও ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া আৰু নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিব্ৰুগড় চহৰৰ নতুন বজাৰৰ সমীপৰ হৰিজন কলনীত চলায় এটা অভিযান ৷ আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে বহু পৰিমানৰ অবৈধ চুলাই মদ নষ্ট কৰে আৰক্ষীয়ে ।
তদুপৰি ঘটনাস্থলীতে আৰক্ষীয়ে 5 জন সুৰাপায়ী আৰু এজন সুৰা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি ড্ৰাগছ, গাঞ্জা অবৈধ সুৰা ইত্যাদিৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইটা ড্ৰাগছ মাফিয়াকো (Drugs mafia) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷