অসম

assam

By

Published : Jun 26, 2019, 9:21 PM IST

ETV Bharat / city

তিনিচুকীয়াত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়

তিনিচুকীয়াৰ মাৰ্ঘেৰিটা আৰু ডুমডুমাত জব্দ কৰা হৈছে বহুসংখ্যক চোৰাং কাঠ । স্থানীয় ৰাইজ তথা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় কাঠখিনি ।

চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়

তিনিচুকীয়া, ২৬ জুন : মাৰ্ঘেৰিটাৰ লেখাজান খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত জব্দ হৈছে চোৰাং কাঠৰ কুণ্ডা । লিখাজান গেটত মঙলবাৰে নিশা চাৰি খনকৈ বাহনত কঢ়িয়াই নিয়া কাঠসমূহ উদ্ধাৰ কৰে স্থানীয় ৰাইজ তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই । অভিযোগ অনুসৰি, দুস্কৃতিকাৰীয়ে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ পৰা এই কাঠৰ কুণ্ডাখিনি কাটি মাৰ্ঘেৰিটালৈ আনিছিল । সেই নিশাই কুণ্ডাখিনি জব্দ কৰি খণ্ড বিষয়াক খবৰ দিয়ে যদিও বৰ্তমানলৈকে বন কাৰ্যালয়টোত উপস্থিত হোৱা নাই উৰ্ধতন কৰ্তৃপক্ষ ।

চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়

একেদৰে ডুমডুমাতো অৰুণাচলৰ পৰা ডিৰাক - ফিল'বাৰী হৈ তিনিচুকীয়ালৈ যোৱা দুখন অবৈধ কাঠ ভৰ্তি ডি আই গাড়ী জব্দ কৰে ফিল'বাৰী আৰক্ষীয়ে । ইয়াৰ পাছতে কাঠখিনি ডুমডুমা বন বিভাগক চমজায় দিয়ে আৰক্ষীয়ে । উল্লেখযোগ্য যে, এই চোৰাং গাড়ীকেইখন পুৱাৰ ভাগতেই কেইবাখনো আৰক্ষী থানা পাৰ হৈ আহে যদিও আৰক্ষীয়ে কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰিলে ।

চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়
চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়

ABOUT THE AUTHOR

...view details