অসম

assam

ETV Bharat / city

মাইনিং কোম্পানীৰ তিনি শতাধিক কৰ্মচাৰীৰ ভৱিষ্যতকলৈ অনিশ্চয়তা

মাৰ্ঘেৰিটাৰ ঠিকাভিত্তিক মাইনিং কোম্পানী এমএছবিজিআৰ এণ্ড ইনফা লিমিটেডে কোনো কাৰণ নদৰ্শোৱাকৈ খনন ক্ষেত্ৰৰ কাম - কাজ বন্ধ কৰি দিয়াৰ ফলত অনিশ্চয়তাত ভূগিছে ৩৫০ ৰো অধিক শ্ৰমিক-কৰ্মচাৰীৰ ভৱিষ্যত । বুধবাৰে কৰ্মচাৰীসকলে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ সহায়ত কোম্পানী কৰ্তৃপক্ষৰ সৈতে এখন আলোচনাত মিলিত হয় যদিও সমস্যা সমাধান কৰিব নোৱাৰিলে।

By

Published : Jun 5, 2019, 12:43 PM IST

মাইনিং কোম্পানীৰ তিনিশতাধিক কৰ্মচাৰীৰ ভৱিষ্যতকলৈ অনিশ্চয়তা

মাৰ্ঘেৰিটা,৫জুন: উত্তৰ-পূৱৰ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত ঠিকাভিত্তিক মাইনিং কোম্পানী এম এছ বিজি আৰ এণ্ড ইনফা লিমিটেডে কোনো কাৰণ নদৰ্শোৱাকৈ টিৰাপ কয়লা খনন ক্ষেত্ৰৰ সকলো কাম কাজ বন্ধ কৰি দিয়াৰ ফলত অনিশ্চয়তাত ভুগিছে ৩৫০ৰো অধিক শ্ৰমিক-কৰ্মচাৰীৰ ভৱিষ্যত। ৫ বছৰৰ বাবে ক'ল ইণ্ডিয়া তথা কৰ্মচাৰীসকলৰ সৈতে চুক্তিবদ্ধ হোৱা কোম্পানীটোৱে যোৱা ২৪ মে' তাৰিখে এখন জাননী জাৰি কৰিয়ে কৰ্মচাৰীসকলক কামৰ পৰা অব্যাহতি প্ৰদান কৰে। জাননী খনত কোনো কাৰণ নদৰ্শোৱাকৈ হাইদৰাবাদত মুখ্য কাৰ্যালয় থকা কোম্পানীটোৱে এনেদৰে কাম বন্ধ কৰি দিয়াত কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

মাইনিং কোম্পানীৰ তিনিশতাধিক কৰ্মচাৰীৰ ভৱিষ্যতকলৈ অনিশ্চয়তা

বুধবাৰে কৰ্মচাৰীসকলে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতিৰ জৰিয়তে কোম্পানীটোৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ দাবী জনায় । ইয়াৰ পাছতেই মহকুমাধিপতি গৰাকীয়ে কোম্পানীটোৰ এজন উচ্চ পদস্থ বিষয়াৰ সৈতে কৰ্মচাৰীসকলৰ এখন আলোচনা আয়োজন কৰে যদিও কোম্পানী কৰ্তৃপক্ষই এই সমস্যা সমাধানৰ বাবে অহা ১১ জুনলৈকে সময় বিচাৰে।

ABOUT THE AUTHOR

...view details