অসম

assam

By

Published : Jun 10, 2020, 2:18 PM IST

ETV Bharat / city

বাঘজান তৈল খাদ অগ্নিকাণ্ড : কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনা গাপ দিয়াৰ অভিযোগ

বুধবাৰে পুৱা আটাছু, মটক আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ সদস্যসকলে অগ্নি নিৰ্বাপন বিভাগৰ সহকাৰী পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰে । এই ঘটনাৰ তদন্ত কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান আৰু মৃত দুই কৰ্মচাৰীৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাই ছাত্ৰ সংগঠনৰ সদস্যসকলে ৷

কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনা গাপ দিয়াৰ অভিযোগ
বাঘজান তৈল খাদ অগ্নিকাণ্ড

তিনিচুকীয়া, 10 জুন : বাঘজান তৈল খাদৰ জুই নিৰ্বাপনৰ কাৰণে দিনে-নিশাই প্ৰচেষ্টা চলাই আহিছে OIL ৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে ৷ নিজৰ জীৱনকো তুচ্ছ কৰি মঙলবাৰে 1.30 বজাত অগ্নিনিৰ্বাপনৰ বাবে গৈ মৃত্যুক সাৱটিলে দুই কৰ্মচাৰী তিখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈয়ে ৷ দুই কৰ্মচাৰী সন্ধানহীন হোৱাৰ সমগ্ৰ ঘটনা OIL য়ে গাপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন ছাত্ৰ সংগঠন আৰু ব্যক্তিয়ে ৷

বাঘজান তৈল খাদ অগ্নিকাণ্ড

বুধবাৰে পুৱা আটাছু, মটক আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ সদস্যসকলে অগ্নি নিৰ্বাপন বিভাগৰ সহকাৰী পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰে । এই ঘটনাৰ তদন্ত কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান আৰু মৃত দুই কৰ্মচাৰীৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাই ছাত্ৰ সংগঠনৰ সদস্যসকলে ৷

বাঘজান তৈল খাদ অগ্নিকাণ্ড

নিৰ্বাপিত হোৱা নাই বাঘজান তৈলক্ষেত্ৰৰ বি জি আৰ-5 ৰ অগ্নিকাণ্ড । জুই নিৰ্বাপিত কৰিবলৈ আৰু কিমান দিনৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কত কোনো নিশ্চয়তা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : জম্মু কাশ্মীৰ সংঘৰ্ষ: নিহত দুই পাকিস্তানী সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details