অসম

assam

টিংখাঙত আটছাৰ ৰাজগড় শাখাৰ প্ৰতিবাদ

By

Published : Sep 4, 2019, 8:33 PM IST

টিংখাঙৰ ৰাজগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছা) ৰাজগড় শাখাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ দূৰ্গা পূজাৰ পূৰ্বে চাহ বাগিচাৰ শ্ৰমিক সকলক 20 শতাংশ বোনাচ আদায় দিয়াৰ দাবীত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

টিংখাঙত আটছাৰ ৰাজগড় শাখাৰ প্ৰতিবাদ

টিংখাং, 4 ছেপ্তেম্বৰ : টিংখাঙৰ ৰাজগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছা) ৰাজগড় শাখাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ দূৰ্গা পূজাৰ পূৰ্বে চাহ বাগিচাৰ শ্ৰমিক সকলক 20 শতাংশ বোনাচ আদায় দিয়াৰ দাবীত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

টিংখাঙত আটছাৰ ৰাজগড় শাখাৰ প্ৰতিবাদ

CCPA আৰু মালিকপক্ষই চাহ শ্ৰমিকৰ বোনাচ 20 শতাংশৰ ঠাইত 8.33 শতাংশ প্ৰদানৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে । ৰাজগড়ৰ ৰাজপথত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ভাৰতীয় চাহ সন্থাৰ অধ্যক্ষ বিবেক গোৱেংকা আৰু উত্তৰ - পূৱ চাহ সন্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ABOUT THE AUTHOR

...view details