অসম

assam

By

Published : Dec 8, 2020, 9:13 AM IST

ETV Bharat / city

শিৱসাগৰত টায়াৰ জ্বলাই যাতায়ত ব্যাহতৰ চেষ্টা ভাৰত বন্ধ সমৰ্থকৰ

শিৱসাগৰত ভাৰত বন্ধৰ সমৰ্থনত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই যাতায়ত স্তব্ধ কৰে বন্ধ সমৰ্থকে ৷ ইতিমধ্যে দেশজুৰি কৃষকৰ বন্ধত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷

AS_SVR_08TH_DEC_801_BHARAT_BANDH_7203499_IMG
শিৱসাগৰত টায়াৰ জ্বলাই যাতায়াত ব্যাহতৰ চেষ্টা বন্ধ সমৰ্থকৰ

শিৱসাগৰ,8 ডিচেম্বৰঃসংশোধিত কৃষি আইন, 2020ক কেন্দ্ৰ কৰি চলি থকা কৃষক বিদ্ৰোহৰ মাজতে আজি ভাৰত বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল। ইতিমধ্যে দেশজুৰি কৃষকসকলৰ ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা পোৱা গৈছে ৷ দেশৰ সাধাৰণ ৰাইজৰ লগতে 22 টাকৈ বিৰোধী ৰাজনৈতিক দলেও কৃষকসকলৰ দাবীসমূহৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷

আনহাতে, কৃষক আৰু শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰা এই আইন বাতিলৰ দাবীত কৃষকসকলে ৰাজধানী দিল্লীত 13 দিনকৈ প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ কিন্তু দুৰ্ভাগ্যৰ কথা যে, 13 দিনকৈ আন্দোলন কৰাৰ পাছতো বিজেপি চৰকাৰখনে কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই। যাৰ বাবে কৃষি আইন বাতিলৰ দাবীত আজি ভাৰত বন্ধৰ আহ্বান জনাইছিল বহুকেইটা কৃষক-শ্ৰমিক সংগঠনে ৷

কৃষকসকলৰ লগতে বিৰোধী দলসমূহে এই আন্দোলনৰ প্ৰতি সমৰ্থন জনোৱাৰ লগতে আজিৰ ভাৰত বন্ধৰ প্ৰতিও পূৰ্ণ সমৰ্থন আগবঢ়াইছে বহু দল-সংগঠনে । যাৰ বাবে আজি কৃষকৰ বন্ধৰ প্ৰভাৱ সমগ্ৰ দেশতেই দেখা গৈছে । সমান্তৰালকৈ অসমতো এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৷ লগতে শিৱসাগৰতো বন্ধ সমৰ্থন কৰা বিভিন্ন দল-সংগঠনে আজি পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই যাতায়াত বন্ধ কৰাৰ চেষ্টা চলায়।

লগতে পঢ়ক- CAA বলৱৎ হ'লে পুনৰ ৰাজপথলৈ ওলাই আহিম: জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details