শিলচৰ, 10 এপ্ৰিলঃ বৃহস্পতিবাৰে শিলচৰৰ ৰামনগৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বিয়লি চাৰি বজাৰ পৰা আৰম্ভ হ'ব লগা এই সভাত শিলচৰৰ প্ৰাৰ্থী ৰাজদ্বীপ ৰয় আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীজনে ৷ মোদীৰ উপস্থিতিক লৈ কটকটীয়া কৰিছে শিলচৰৰ নিৰাপত্তা ব্যৱস্থা ৷ এই সভাৰ বাবে মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ লগতে চি আৰ পি এফ, চি আই এছ এফৰ জোৱানক ৷ নিৰাপত্তাৰ সম্পূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে আৰক্ষী উপ-পৰিদৰ্শক পি.কে.দত্তক ৷
বৃহস্পতিবাৰে শিলচৰলৈ প্ৰধানমন্ত্ৰী মোদী
বৃহস্পতিবাৰে শিলচৰৰ ৰামনগৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আবেলি চাৰি বজাৰ পৰা আৰম্ভ হ'ব লগা এই সভাত শিলচৰৰ প্ৰাৰ্থী ৰাজদ্বীপ ৰয় আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীজনে ৷
NARENDRA MODI'S ELECTION CAMPAIGN
বিয়লি প্ৰধানমন্ত্ৰীগৰাকী শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰৰ পৰা হেলিকপ্টাৰেৰে ৰামনগৰত প্ৰৱেশ কৰিব ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰৱেশৰ বাবে মঞ্চৰ পৰা 100 মিটাৰ দূৰত এখন হেলিপেডৰো ব্যবস্থা কৰা হৈছে ৷ এই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে যোৱা চাৰিটা মাহত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মোদীয়ে ৷