কাছাৰ, 25 এপ্ৰিল : সমগ্ৰ ৰাজ্যজুৰি কৰ’ণা মহামাৰীৰ সংহাৰী ৰূপ অব্যাহত আছে ৷ কাছাৰ জিলাত এতিয়ালৈকে 30 গৰাকীকৈ ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱা বুলি জিলাখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷ শুকুৰবাৰে নিশা লক্ষীপুৰ আৰক্ষীয়ে লক্ষীপুৰ অঞ্চলত এক অভিযান চলাই অনিন্দম ধৰ আৰু আব্দুল কালাম নামৰ দুজন যুৱকক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰি থানালৈ আনিছিল ৷ গ্ৰেপ্তাৰ হোৱা এই দুয়ো গৰাকীক কৰ’ণা পৰীক্ষাৰ বাবে লক্ষীপুৰ স্বাস্থ্যকেন্দ্ৰত পঠাইছিল আৰক্ষীয়ে ৷ স্বাস্থ্যকেন্দ্ৰত যুৱক দুজনক পৰীক্ষাৰ পাছত তেওঁলোকৰ দেহত কৰ’ণাৰ উপস্থিতি পোৱাত চিকিৎসকে দুয়োজনকে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷
কাছাৰত আৰক্ষীসহ ২ গৰাকীকৈ আচামী কৰ’ণাত আক্ৰান্ত
কাছাৰ জিলাৰ লক্ষীপুৰত কৰ’ণাতংক ৷ জিলাখনৰ লক্ষীপুৰ আৰক্ষী চকীৰ 7 গৰাকী আৰক্ষী কৰ্মীসহ গ্ৰেপ্তাৰ হোৱা 2 গৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰী কৰ’ণাত আক্ৰান্ত ৷
পুলিচসহ ২ গৰাকীকৈ আচামী কৰ’ণাত আক্ৰান্ত
ইপিনে গ্ৰেপ্তাৰ হোৱা দুই যুৱক কৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰে লক্ষীপুৰ আৰক্ষীৰ চকীত আতংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিযুক্ত দুয়োগৰাকীৰ সংস্পৰ্শত অহা আৰক্ষী সকলক কৰ’ণা পৰীক্ষা কৰাত 7 গৰাকীকৈ আৰক্ষীৰ দেহত কৰ’ণাৰ উপস্থিতি পোৱা যায় ৷ ফলত সমগ্ৰ ঘটনাটোক লৈ এক আতংকৰ পৰিৱেশে বিৰাজ কৰিছে লক্ষীপুৰ অঞ্চলটোত ৷