অসম

assam

By

Published : Dec 2, 2019, 11:56 PM IST

ETV Bharat / city

শদিয়াৰ পৰা ধুবুৰীলৈ চৰকাৰ বিৰোধী শ্লগানঃ পুনৰ অসম আন্দোলন হ'ব !

খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত কৰি কেন্দ্ৰীয় চৰকাৰে গৃহিত কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৷ চৰকাৰৰ এই কাৰ্যৰ পিচতে প্ৰতিবাদৰ জুইত জ্বলিছে সমগ্ৰ অসম ৷ বৰ্তমান শদিয়াৰ পৰা ধুবুৰীলৈ কেৱল চৰকাৰ বিৰোধী শ্লোগানৰ প্ৰতিধ্বনি ৷ দেওবাৰে শাসনাধিষ্ঠিত চৰকাৰৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থা ৷ মুখ্যমন্ত্ৰী সোণোৱাল, বিধায়ক প্ৰশান্ত ফুকনৰ লগতে বিজেপিৰ নেতা পালি নেতাৰ ঘৰৰ সমুখে-সমুখে হোৱা প্ৰতিবাদে কপাইছে সমগ্ৰ ডিব্ৰুগড় চহৰ ৷

কেব বিৰোধী প্ৰতিবাদ
কেব বিৰোধী প্ৰতিবাদ

2 ডিচেম্বৰ, নিউজ ডেক্সঃ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ বেহু ফালি মুখ্যমন্ত্ৰীৰ গৃহৰ সমুখলৈ অহা প্ৰতিবাদকাৰীক ওপৰৰ পৰা দেখিয়ে হেলিকপ্তাৰ ঘূৰাই যোৰহাট পালেগৈ জাতিৰ নায়ক ৷ প্ৰতিবাদকাৰীক দেখি দূৰতে বিদূৰ হোৱা মুখ্যমন্ত্ৰী এগৰাকী জাতিৰ নায়ক হোৱাৰ কোনো অধিকাৰ নাই মন্তব্য কৰে সংগঠনৰ নেতৃত্বই ৷

কেব বিৰোধী প্ৰতিবাদ

আনহাতে কলিয়াবৰত চৰকাৰৰ বিৰুদ্ধে অকলে যুঁজ দিলে এগৰাকী স্থানীয় কংগ্ৰেছী নেতা প্ৰদীপ বৰুৱাই ৷ এই ক্ষেত্ৰত সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প আৰু কেবৰ বিৰুদ্ধে জলসংকল্প ল'লে অসম জাতীয়তাবাদী যুৱ পৰিসদেও ৷ সকলো সামৰি এই প্ৰতিবেদন...

কেব বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details