কলিয়াবৰ, 18 ফেব্ৰুৱাৰী :কলিয়াবৰত বৃহস্পতিবাৰে পুৱা এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ পেলিকান পক্ষী(Rare Species of Pelican Bird Rescued at Kaliabor) উদ্ধাৰ হয় । কলিয়াবৰ কাৱৈমাৰীৰ ভূপেন বৰা নামৰ লোকজনে এজোপা শিমলু গছৰ তলত উদ্ধাৰ কৰে পেলিকান পক্ষীটো । ভূপেন বৰাই দুষ্প্ৰাপ্য প্ৰজাতিৰ পেলিকান পক্ষীটো উদ্ধাৰ কৰাৰ পাছত বন বিভাগৰ লোকক অৱগত কৰে ৷
ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ পেলিকান পক্ষীটো লগত লৈ যায় ৷ বন বিভাগৰ লোকে দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষীটো পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷