অসম

assam

ETV Bharat / city

টীয়ক পৌৰসভাৰ টীয়ক নগৰ ছেনিটাইজেশ্যন - teok town senitization

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো কৰ’ণাৰ ঢৌ' l আক্ৰান্ত হৈছে শ শ লোক ৷ কৰ’ণাক সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি টীয়কত নগৰ ছেনিটাইজ কৰে টীয়ক পৌৰসভাই ৷

কৰ’ণাক ৰুধিবৰ বাবে ছেনিটাইজ কৰা হয় টীয়ক নগৰ
কৰ’ণাক ৰুধিবৰ বাবে ছেনিটাইজ কৰা হয় টীয়ক নগৰ

By

Published : May 25, 2021, 10:18 PM IST

টীয়ক, 25 মে':ক’ভিডৰ সংক্ৰমণে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । চৰকাৰে নিতৌ এই সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্য়জুৰি জাৰি কৰা হৈছে আংশিক লকডাউনৰ লগতে সান্ধ্য আইন ৷ ৰাজ্যৰ সমগ্ৰ জিলাৰ লগতে যোৰহাট জিলাতো কৰ’ণাৰ দ্বিতীয়টো ঢৌ'য়ে প্ৰভাৱিত কৰিছে ৷

মঙলবাৰৰ দিনটোত টীয়ক পৌৰসভাৰ কাৰ্যবাহী বিষয়া লীনা পাৱাৰৰ উদ্যোগত সমগ্ৰ নগৰখনতে ছেনিটাইজেশ্যন কাৰ্যসূচী গ্ৰহণ কৰা হয় । টীয়ক নগৰখনৰ জনবহুল অঞ্চল, দোকান, হাট-বজাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বেংক, এ টি ম তথা টীয়কৰ একমাত্ৰ চিকিৎসালয়খনৰ ভিতৰ বাহিৰ সকলো ছেনিটাইজ কৰি ক’ভিডৰ সংক্ৰমণ ৰুধিবলৈ চেষ্টা অব্যাহত ৰাখে পৌৰসভাই ।

লগতে প্ৰতিজন নগৰবাসীক চৰকাৰে ঘোষণা কৰা ক’ভিড নীতি নিয়ম অৱলম্বন কৰি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে এই সমগ্ৰ কাৰ্যসূচীত টীয়ক চাহ বাগিছাৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াছে বুলি পৌৰসভাৰ কাৰ্যালয়ৰ ফালৰ পৰা জানিবলৈ দিছে ।

লগতে পঢ়ক :ৰঙিয়া বাক্সা সীমান্তৰ বৰখাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details