অসম

assam

ETV Bharat / city

অসম আৰক্ষীৰ উদ্যোগত তিতাবৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নগাবাট সীমান্তৱৰ্তী এলেকাৰ কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা পানীখেতি আৰক্ষীৰ ৷ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ প্ৰায় 48 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় আৰক্ষীৰ বিষয় ববীয়া সকলে ৷

By

Published : May 31, 2019, 9:40 PM IST

etv bharat

তিতাবৰ, 31 মে’: বৃহস্পতিবাৰে পানীখেতি আৰক্ষী চকীত আৰক্ষী বিষয়াসকলে আয়োজন কৰিলে সম্বৰ্ধনা অনুষ্ঠানৰ ৷ তিতাবৰ মহকুমা অন্তৰ্গত নগাবাট সীমান্তৱৰ্তী এলেকাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ প্ৰায় 48 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় আৰক্ষীৰ বিষয়ববীয়া সকলে ৷

অসম আৰক্ষীৰ উদ্যোগত তিতাবৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলেৰ একক প্ৰচেষ্টাৰে আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠানৰ ৷ পিছপৰা অঞ্চলটোৰ আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে গোপাল দলেই নিজৰ উপাৰ্জনৰ ধনেৰেই ছাত্ৰ-ছাত্ৰীসকলক এখন অভিধান, গছপুলি, মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা ৷ উক্ত অনুষ্ঠানত অন্যান্য আৰক্ষী বিষয়-ববীয়াসকলৰ লগতে উপস্থিত থাকে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক ৷

ABOUT THE AUTHOR

...view details