যোৰহাট,২৮ফেব্ৰুৱাৰী: আৰক্ষীৰ বিৰুদ্ধে সৰৱ অসম চাহ জনজাতি ছাত্র সন্হা আৰু চাহ মজদুৰ সংঘ । বৃহস্পতিবাৰে সংবাদমেল যুগে বিষাক্ত চুলাই সন্দৰ্ভত তদন্তৰ নামত আৰক্ষীৰনাটকৰ অভিযোগ সংগঠন দুটাৰ।
আটছাৰ বিষয়ববীয়াই বৃহস্পতিবাৰে সংবাদমেলত শেহতীয়াকৈ যোৰহাটত চুলাই মদৰ বিষক্ৰিয়াত ৬১ জন লোকৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত গাফিলতিৰ অভিযোগ কৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে। আৰক্ষী অধীক্ষক গৰাকীয়ে তদন্তত চাহ শ্ৰমিকৰ মৃত্যুৰ ঘটনাটো সামান্য এক বিষক্ৰিয়া জনিত ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে অসম চাহ জনজাতি ছাত্র সন্হা আৰু অসম চাহ মজদুৰ সংঘই। ইপিনে জিলাখনত ৬১ জনকৈ লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ পাচতো এজনো আৱকাৰী বিষয়াক তদন্তৰ আওতালৈ ননা আৰু এজনো লালী গোৰৰ ব্যৱসায়ীক আটক নকৰাৰ প্ৰসংগত ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।
উল্লেখ্য যে বিষাক্ত সুৰাৰ বিষক্ৰিয়াত যোৰহাট আৰু গোলাঘাট জিলাত ডেৰ শতাধিক লোকে মৃত্যুমুখত পৰিছিল ।