বৰাহীবাৰীত ছাগলীৰ মাজত দেখা দিছে এণ্টাৰটক্সমিয়া ৰোগ
বৰাহীবাৰীত অধিকাংশ ছাগলীৰ দেহত এণ্টাৰটক্সমিয়া ৰোগ(Entertoxmia disease spread among goats) ৰ অৱস্থিতি ৷ যাৰ বাবে একপ্ৰকাৰ চিন্তিত হৈ পৰিছে ছাগলী পালকসকল ৷ এই ৰোগবিধৰ সংক্ৰমণৰ বাবে বৰাহীবাৰীলৈ আহিছে বৰ্ণিহাট ছাগলী গৱেষণা কেন্দ্ৰ(Goat Research station Byrnihat) ৰ বিশেষজ্ঞ চিকিৎসক ৷ এই চিকিৎসকসকলে এণ্টাৰটক্সমিয়া ৰোগবিধত আক্ৰান্ত ছাগলীবোৰ পৰীক্ষা কৰি প্ৰদান কৰিছে প্ৰতিষেধক ৷
এয়া অসমৰ সম্পূৰ্ণ সংস্কৃতিৰ পৰিপন্থী : মুকলি আকাশৰ তললৈ আহিয়ে মন্তব্য জিগনেশ মেৱানীৰ
অৱশেষত মুকলি আকাশৰ তললৈ আহিল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী(Jignesh Mevani release from jail in bail) ৷ বৰপেটাৰ গোচৰত জামিন লাভ কৰাৰ পিছতেই শনিবাৰে কোকৰাঝাৰত উপস্থিত হয় জিগনেশ মেৱানী । মুকলি আকাশৰ তললৈ আহিয়ে এয়া অসমৰ সম্পূৰ্ণ সংস্কৃতিৰ পৰিপন্থী বুলি মন্তব্য কৰে দলিত নেতা তথা বিধায়কগৰাকীয়ে ৷
নিৰ্বাচনকেন্দ্ৰিক সংঘাতত উত্তপ্ত জগন্নাথ মহাবিদ্যালয়
আজি অনুষ্ঠিত হৈছে ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন(Student union body election in JB College) ৷ এই নিৰ্বাচনক কেন্দ্ৰ কৰি মহাবিদ্যালয়খনত শনিবাৰে পুৱতি নিশা দুটাকৈ ছাত্ৰৰ দলৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷ আছু সমৰ্থিত ছাত্ৰৰ এটা দলে আন এটি ছাত্ৰৰ দলক শাৰিৰীকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সম্প্ৰতি মহাবিদ্যালয়খনত আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ জোৱানৰ এটা দল মোতায়েন কৰিছে জিলা প্ৰশাসনে ৷
উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল শিক্ষা বিভাগৰ কাৰ্যবাহী অভিযন্তা
উৎকোচ গ্ৰহণ কৰা অৱস্থাত কৰায়ত্ত শিক্ষা বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা(Executive engineer of Baksa Education department caught accepting bribe) ৷ শুকুৰবাৰে নিজ কাৰ্যালয়ত গোৰেশ্বৰৰ ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ পৰা নগদ ধন গ্ৰহণ কৰি থকা অৱস্থাত ধৰা পৰে কাৰ্যবাহী অভিযন্তাগৰাকী ৷
মিছন ১০০ বিদ্যা জ্যোতি আঁচনিয়ে শিক্ষাৰ ক্ষেত্ৰত আনিব নতুন বিপ্লৱ: সুশান্ত চৌধুৰীৰ
শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰৰ উল্লেখযোগ্য আঁচনি হৈছে 'মিছন ১০০ বিদ্যা জ্যোতি আঁচনি' (Mission 100 Vidya Jyoti scheme in Tripura)। এই আঁচনিক লৈ বিশেষ মন্তব্য ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী সুশান্ত চৌধুৰীৰ । এই আঁচনিয়ে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ অসমতা বিলুপ্তিকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লগতে শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণত সহায়ক হ'ব ।