নিউজ ডেস্ক, 13 জানুৱাৰী : মঙলবাৰে কোভিড প্ৰতিষেধকৰ প্ৰথমটো গোট গুৱাহাটীত উপস্থিত হোৱাৰ পিচতেই উত্তৰ পূৰ্বাঞ্চলৰ বাবে দ্বিতীয়টো গোট বুধবাৰে গুৱাহাটীত পায়হি ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হায়দৰাবাদৰ পৰা অহা ইণ্ডিগ’ বিমানত লৈ অনা হয় প্ৰতিষেধকসমূহ ৷
লগতে পঢ়ক :১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ক’ভিড-19ৰ প্ৰতিষেধক
হায়দৰাবাদৰ পৰা অহা ইণ্ডিগ’ৰ বিমান সংখ্যা 6E-6538ত কঢ়িয়াই অনা হয় প্ৰতিষেধকৰ টীকাসমূহ ৷ 78.5 কিলোগ্ৰাম ওজনৰ মুঠ 3টা বেগত অনা প্ৰতিষেধকসমূহ দিনৰ প্ৰায় 10 বজাত অসম চৰকাৰক হস্তগত কৰে বিমান পৰিবহণকাৰী সংস্থাটোৱে ৷