গুৱাহাটী ২৬ জুন : পুনৰ চৰ্চাত দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ডৰ প্ৰসংগ ৷ গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰাগাঁওৰ বেলৰতলত বিগত বৰ্ষৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণৰ নিৰ্দেশ উলংঘা কৰি কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা বাবে দাঁতি কাষৰীয়া ১৬ খন গাঁৱৰ বাসিন্দা সকলে দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে ৷
গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই বিগত ফেব্ৰুৱাৰী মাহতে ডাম্পিং গ্ৰাউণ্ডত এমাহৰ ভিতৰতে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আৱৰ্জনা পেলোৱা হ’ব বুলি সদৰি কৰিছিল । পৰৱৰ্তী সময়ত সেই এমাহ উকলি গৈ তিনিমাহ অতিক্ৰম কৰাত মে' মাহত দীপৰ বিল সুৰক্ষা মঞ্চই ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই ২৪ মে'ত দীপৰ বিল সুৰক্ষা মঞ্চৰ এটা সঁজাতি দলৰ সৈতে যুটীয়াভাৱে নাৱেৰে দীপৰ বিল পৰিদৰ্শন কৰিছিল ৷
লগতে ডাম্পিং গ্ৰাউণ্ডৰ দূষিত, গেলাপঁচা আৱৰ্জনাই দীপৰ বিলক কিদৰে প্ৰদূষিত কৰি বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিছে সেই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰি এমাহৰ ভিতৰতে দীপৰ বিলৰ পানী যাতে দূষিত নহয় তাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিহে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা হ’ব বুলি ঘোষণা কৰিছিল । কিন্তু সেই ঘোষণাও উকলি যোৱাৰ পাছতো নিগমৰ ফালৰ পৰা ডাম্পিং গ্ৰাউণ্ডত কোনো ধৰণৰ ন্যূনতম ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজ উদ্বিগ্ন হৈ পৰিছে ।