অসম

assam

ETV Bharat / city

লাভলীনাৰ সন্দৰ্ভত কি ক'লে প্ৰশিক্ষক পদুম বড়োৱে ?

‘‘খেলত হাৰা-জিকা থাকেই । লাভলীনাই অলিম্পিকৰ পৰা পদক অনাটোৱেই আমাৰ বাবে আনন্দ-গৌৰৱৰ কথা । মই লাভলীনাৰ এই সাফল্যত নথৈ আনন্দিত হৈছো ।’’ এই মন্তব্য লাভলীনাৰ প্ৰশিক্ষক পদুম বড়োৰ ৷

By

Published : Aug 4, 2021, 8:13 PM IST

Updated : Aug 4, 2021, 9:16 PM IST

লাভলীনাৰ সৰ্ন্দভত কি ক'লে প্ৰশিক্ষকে
লাভলীনাৰ সৰ্ন্দভত কি ক'লে প্ৰশিক্ষকে

গুৱাহাটী, ৪ আগষ্ট : ছেমিফাইনেলত পৰাস্ত হ'লেও টকিঅ' অলিম্পিকৰ (tokyo olympics) পৰা খালী হাতে উভতি নাহে অসম কন্যা লাভলীনা বৰগোঁহাই (lovlina borgohain) । টকিঅ' অলিম্পিকত ইতিমধ্যেই পদক নিশ্চিত কৰি অসম তথা ভাৰতবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে লাভলীনাই ৷ ব্ৰঞ্জৰ পদক (bronze medal) লাভেৰে লাভলীনা বৰগোঁহায়ে অলিম্পিক যাত্ৰাসামৰিব লগা হ’লেও কিন্তু ৰচনা কৰিলে এক ইতিহাস ।

বুধবাৰে টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলত তুৰ্কীৰ বুছেনাজ চুৰমেনেলীৰ হাতত পৰাস্ত হয় অসম কন্যা লাভলীনা বৰগোহাঁই ৷ মহিলা বক্সিঙৰ 69 কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে থমকি ৰ’ব লগা হ’ল লাভলীনা বৰগোঁহাই । তথপিও সুখী অসমবাসী । অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰা লাভলীনা বৰগোঁহাইক আদৰিবলৈ এতিয়া সাজু হৈছে ৰাজ্যবাসী ।

লাভলীনাৰ সৰ্ন্দভত কি ক'লে প্ৰশিক্ষকে...

লগতে পঢ়ক :অলিম্পিকত ব্ৰঞ্জ লাভ : নতুন ইতিহাসেৰে জিলিকি ৰ’ল লাভলীনা

ইফালে লাভলীনা বৰগোঁহাইৰ এই কৃতিত্বক লৈ বিশেষভাৱে আনন্দিত হৈছে প্ৰশিক্ষক পদুম চন্দ্ৰ বড়ো (coach podum chandra boro) । ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষ্যাৎকাৰত লাভলীনাৰ গুৰু তথা প্ৰশিক্ষক পদুম চন্দ্ৰ বড়োৱে কয় যে, ‘‘খেলত হাৰা-জিকা থাকেই । লাভলীনাই অলিম্পিকৰ পৰা পদক অনাটোৱেই আমাৰ বাবে আনন্দৰ কথা । মই লাভলীনাৰ এই সাফল্যত নথৈ আনন্দিত হৈছো’’ ।

লগতে পঢ়ক :Tokyo Olympics : ছেমি ফাইনেলত স্তব্ধ ভাৰতীয় মহিলা হকী দলৰ জয় যাত্ৰা

তেওঁ আৰু কয় যে, ‘‘কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই যিদৰে খেলিছিল সেইদৰে খেলা হ'লে নিশ্চয় জয়ী হ'লহেতেন । আজি লাভলীনাৰ আত্মবিশ্বাস কম থকা যেন লাগিল । ভালদৰে পাঞ্চ কৰিব নোৱাৰিলে । অৱশ্যে প্ৰতিপক্ষ যথেষ্ট শক্তিশালী আছিল । লাভলীনাৰ বাবে এতিয়াও যথেষ্ট সময় আছে আৰু আগন্তুক দিনত অধিক আত্মবিশ্বাসেৰে আগুৱাই যাব পাৰিব’’ ।

উল্লেখ যে, ২০১২ চনত পদুম চন্দ্ৰ বড়োৱে লাভলীনা বৰগোঁহাইক সৰুপথাৰৰ পৰা প্ৰতিভাৰ উমান পাই বক্সিঙৰ ৰিঙলৈ আনিছিল আৰু গুৱাহাটীৰ 'ছাই'ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল । অৱশ্যে তেওঁ সেই কৃতিত্ব জাহিৰ কৰিব নিবিচাৰে বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

লগতে পঢ়ক :স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা

Last Updated : Aug 4, 2021, 9:16 PM IST

ABOUT THE AUTHOR

...view details