অসম

assam

টিংখাং-বিহালী-তিতাবৰলৈ পুনৰ আহিব জে পি নাড্ডা

By

Published : Mar 17, 2021, 7:52 PM IST

প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তিনিটাকৈ সমষ্টিত প্ৰচাৰ চলাবলৈ পুনৰ ২২ মাৰ্চত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । এদিনীয়া ভ্ৰমণসূচী লৈ আহিবলগীয়া নাড্ডাই তিতাবৰ, বিহালী আৰু টিংখাঙত তিনিখনকৈ প্ৰচাৰ সভাত ভাগ ল’ব ।

টিংখাং, বিহালী, তিতাবৰলৈ পুণৰ আহিব জে পি নাড্ডা
টিংখাং, বিহালী, তিতাবৰলৈ পুণৰ আহিব জে পি নাড্ডা

গুৱাহাটী,১৭ মাৰ্চঃ ২২ মাৰ্চৰ পুৱা ১০.৩০ বজাত দিল্লীৰ পৰা পোনে পোনে আহি ডিব্ৰুগড়ত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । দিনৰ ১১ বজাত টিংখাঙত দলীয় প্ৰাৰ্থী বিমল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব নাড্ডাই । টিংখাঙৰ সভা শেষ কৰি নাড্ডা উৰা মাৰিব তিতাবৰ অভিমুখে ।

টিংখাং-বিহালী-তিতাবৰলৈ পুনৰ আহিব জে পি নাড্ডা

তিতাবৰৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন অগপ নেতা হেমন্ত কলিতাৰ হৈ দিনৰ ১ বজাত এখন নিৰ্বাচনী সভাত ভাগ ল’ব নাড্ডাই । সভাখন শেষ কৰিয়েই তৃতীয়খন নিৰ্বাচনী সভাত ভাগ লোৱাৰ উদ্দেশ্যে ৰাওনা হ’ব বিহালীলৈ । দিনৰ ৩ বজাত বিহালীৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী ৰঞ্জিত দত্তৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিয়লি ৪ বজাত নাড্ডাই তেজপুৰৰ পৰা পশ্চিমবংগ অভিমুখে উৰা মাৰিব ৷

লগতে পঢ়কঃবৰপেটাত পুনৰ ৪,১৬,৫০০ টকা জব্দ

ABOUT THE AUTHOR

...view details