অসম

assam

ETV Bharat / city

মহানগৰীত গ্ৰেপ্তাৰ IPLৰ দুই জুৱাৰী

মহানগৰীত সক্ৰিয় IPLৰ জুৱা । অসম আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই বুকীক ৷ বুকী দুটা ৰবি আৰু ৰিংকু বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷

By

Published : Oct 21, 2020, 2:01 PM IST

IPL bookie arrested guwahati
মহানগৰীত গ্ৰেপ্তাৰ IPLৰ দুই জুৱাৰী

গুৱাহাটী, ২১ অক্টোবৰঃডুবাইত চলি থকা ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ 'আই পি এল'ৰ নামত মহানগৰীত দ্ৰুত হাৰত বৃদ্ধি পাইছে অবৈধ জুৱাৰীৰ বেহা ৷ মহানগৰ আৰক্ষীয়ে অবৈধ জুৱাৰী সন্দৰ্ভত প্ৰতিদিনে চলাই গৈছে অভিযান ৷

মহানগৰীত গ্ৰেপ্তাৰ IPLৰ দুই জুৱাৰী

মঙলবাৰে নিশা অসম আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই বুকীক ৷ গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলীৰ নতুন ষ্টোৰ নামৰ গেলামাল বিপণিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বুকি দুজনক ৷ এই বুকী দুজন ৰবি পূৰ্বে আৰু ৰিংকু বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ বুকী দুজনে দীৰ্ঘদিনৰ পৰাই বশিষ্ঠ চাৰিআলীৰ গেলামাল বিপণি খনত চলাই আহিছিল IPLৰ ৰমৰমীয়া বেহা। বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বুকী দুজনক ৷ অভিযানকাৰী দলটোৱে দুই বুকিৰ পৰা জব্দ কৰে নগদ ধন আৰু কেইখনমান আপত্তিজনক নথি পত্ৰ ।

উল্লেখ্য যে,সমগ্ৰ অসমতে ক্ৰমাৎ বৃদ্ধি পাই অহা এই মাৰাত্মক জুৱাৰ কৱলত পৰি বহুতৰ জীৱনলৈ নামি আহিছে চৰম ভাবুকি। মহানগৰীতো এনে জুৱাৰ কৱলত পৰি বহুতে ঘৰ-বাৰী পৰ্যন্ত হেৰুৱাইছে ।

অন্য এক খবৰৰ বাবে: পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে আজি বেংগালুৰৰ বিৰুদ্ধে কলকাতা

ABOUT THE AUTHOR

...view details