গুৱাহাটী, 29 মাৰ্চ : বাপতি সাহন ৰঙালী বিহুটি আদৰিবলৈ প্ৰায় সাজু হৈ উঠিছে ৰাজ্যবাসী (Bihu preparation in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বিহু সন্মিলনীৰ সামন্তৰালকৈ সাজু হৈ উঠিছে ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনী (Historic Guwahati bihu sanimilani) ৷ প্ৰত্যেকবছৰৰ দৰে এইবেলিও লতাশিল খেলপথাৰত ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনীখন চাৰিদিনীয়া কাৰ্যসূচীৰে 14 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ অনুষ্ঠিত হ’ব (Rongali Bihu at the Latasil Playground from April 14) ৷
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক নিলোপম দাসে জনোৱা মতে, 71 সংখ্যক গুৱাহাটী বিহু সন্মিলনী, এই বৰ্ষত প্ৰায় 20-25 লাখ টকাৰ বাজেটেৰে আয়োজন কৰা হৈছে ৷ লগতে বিহু সন্মিলনীখনৰ প্ৰথম দিনা অৰ্থাৎ 14 এপ্ৰিলৰ দিনা দিহানাম (Diha Naaam competition for women on April 14) , 15 এপ্ৰিলত জেং বিহু প্ৰতিযোগীতা অনুষ্ঠিত হ’ব (Jeng Bihu competition on April 15) বুলিও উল্লেখ কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ।