অসম

assam

By

Published : Mar 9, 2020, 1:23 AM IST

Updated : Mar 9, 2020, 1:39 AM IST

ETV Bharat / city

‘ফাগুন মহোৎসৱ’ৰ সফল সামৰণি

লুইতৰ বালিচৰত অনুষ্ঠিত ’ফাগুন মহোৎসৱ’ৰ সফল সামৰণি ৷ দেওবাৰে সফল সামৰণি পৰে মাছখোৱা লাচিতঘাটত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ফাগুন মহোৎসৱৰ ।

লুইতৰ বালিচৰত অনুষ্ঠিত Bফাগুন মহোৎসৱৰ সফল সামৰণি
লুইতৰ বালিচৰত অনুষ্ঠিত Bফাগুন মহোৎসৱৰ সফল সামৰণি

গুৱাহাটী, 9 মাৰ্চ: মহানগৰীৰ মাছখোৱা লাচিতঘাটত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ফাগুন মহোৎসৱৰ দেওবাৰে সফল সামৰণি পৰে । গীত, নৃত্য, কবিতা, মুকাভিনয়ৰে জীপাল হৈ পৰে সামৰণি অনুষ্ঠান । যুৱ প্ৰতিভাক জাগ্ৰত কৰাৰ উদ্দেশ্যে ভি আছামে আয়োজন কৰিছে এই মহোৎসৱৰ ।

এই মহোৎসৱত কবিতা পাঠ, কণ কণ শিশুৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ফেশ্বন শ্ব', চিত্ৰ প্ৰদৰ্শনী আদিৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ইয়াৰোপৰি মুকাভিনয়ৰে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে মিনাংক ডেকাই । প্ৰথমবাৰৰ অনুষ্ঠিত ফাগুন মহোৎসৱৰ শেষৰ দিনটোত যথেষ্ট লোকৰ সমাগম ঘটা পৰিলক্ষিত হয় । ইফালে মহোৎসৱৰ সামৰণি অনুষ্ঠানত 'কহুৱা' শীৰ্ষক এখন কেলেণ্ডাৰ উন্মোচন কৰা হয় ।

ফাগুন মহোৎসৱ

আনহাতে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সমাজৰ হকে কাম কৰি অহা ৰঞ্জীতা পেগু আৰু জোনমণি দেৱী খাউণ্ডক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

লগতে চাওক- অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলীনা বুঢ়াগোহাঁইৰ

Last Updated : Mar 9, 2020, 1:39 AM IST

ABOUT THE AUTHOR

...view details