নিউজ ডেস্ক, 1 আগষ্ট :অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী,প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব আৰ ডি প্ৰধানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷
অসম চুক্তিৰ স্বাক্ষৰকাৰী আৰ ডি প্ৰধানৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ
প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী, প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব আৰ ডি প্ৰধানৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷
Expressing grief over the demise of RD Pradhan, the signatory of the Assam Accord
এক শোকাবাৰ্তা জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী আৰ ডি প্ৰধানৰ সমাজৰ জীৱনলৈ যি অৰিহণা আগবঢ়াই গৈছ সেয়া জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি উল্লেখ কৰে ৷ লগতে কয়, উত্তৰ-পূৰ্বাঞ্চল তথা অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰয়াত আৰ ডি প্ৰধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ এই দক্ষ বিষয়াগৰাকীৰ বিয়োগ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে চাওক-অসম চৰকাৰলৈ ভূটানৰ নৃপতিৰ কৃতজ্ঞতা প্ৰদান